বাজপেয়ী ভৱনত গাম্ভীর্যপূর্ণ ভাৱে বিজেপিৰ ৪৭ সংখ্যক প্রতিষ্ঠা দিৱস পালন
নানা ঘাট-প্রতিঘাট নেওচি বিশ্বৰ সৰ্ববৃহৎ ৰাজনৈতিক দলত পৰিণত হৈছে বিজেপি : দিলীপ শইকীয়া গুৱাহাটী, ০৬ এপ্রিল (হি.স.)। ৰাষ্ট্ৰ প্ৰথম, অন্ত্যোদয়ৰ দৰ্শন আৰু সেৱাই সংগঠনৰ মহামন্ত্ৰেৰে প্ৰতিষ্ঠাৰ ৪৬ বছৰ সম্পূৰ্ণ কৰি ভাৰতীয় জনতা পার্টিয়ে ৪৭ তম বর্ষত পদার্প
বাজপেয়ী ভৱনত গাম্ভীর্যপূর্ণ ভাৱে বিজেপিৰ ৪৭ সংখ্যক প্রতিষ্ঠা দিৱস পালন


নানা ঘাট-প্রতিঘাট নেওচি বিশ্বৰ সৰ্ববৃহৎ ৰাজনৈতিক দলত পৰিণত হৈছে বিজেপি : দিলীপ শইকীয়া

গুৱাহাটী, ০৬ এপ্রিল (হি.স.)। ৰাষ্ট্ৰ প্ৰথম, অন্ত্যোদয়ৰ দৰ্শন আৰু সেৱাই সংগঠনৰ মহামন্ত্ৰেৰে প্ৰতিষ্ঠাৰ ৪৬ বছৰ সম্পূৰ্ণ কৰি ভাৰতীয় জনতা পার্টিয়ে ৪৭ তম বর্ষত পদার্পণ কৰাৰ ক্ষণত সকলো দলীয় কার্যকর্তাক শুভকামনা জ্ঞাপন কৰে ৰাজ্যিক বিজেপিৰ সভাপতি তথা দৰং-ওদালগুৰিৰ সাংসদ দিলীপ শইকীয়াই। ৰাজ্যিক বিজেপিৰ মুখ্য কার্যালয় অটল বিহাৰী বাজপেয়ী ভৱনত প্রতিষ্ঠা দিবস উপলক্ষে দলীয় পতাকা উত্তোলন কৰি ৰাজ্যিক সভাপতিয়ে দল গঠনৰ লগত জড়িত সকলো মহীৰূহক সশ্রদ্ধ স্মৰণ কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। উল্লেখযোগ্য যে দলৰ মুখ্য কাৰ্যালয়কে ধৰি ৰাজ্যখনৰ ৩৯ খন সাংগঠনিক জিলাৰ কাৰ্যালয়, ৪৩৩ টা মণ্ডল কার্যালয় আৰু ২৮ হাজাৰতকৈও অধিক বুথ কাৰ্যালয়ত ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাই দলীয় পতাকা উত্তোলন কৰি দলৰ ৪৭ তম প্রতিষ্ঠা দিৱল উৎসৱমুখৰ পৰিৱেশত উদযাপন কৰে। দলৰ মুখ্য কাৰ্যালয় অটল বিহাৰী বাজপেয়ী ভৱনৰ পৰা প্ৰেৰণ কৰা এক বিবৃতিত এই কথা উল্লেখ কৰা হয়।

সভাপতি শইকীয়াই কয় যে ভাৰতীয় জনতা পার্টি ১৯৮০ চনত প্রতিষ্ঠা হৈছিল যদিও ইয়াৰ যাত্রা ১৯৫১ চনৰ পৰা জনসংঘ ৰূপত আৰম্ভ হৈছিল। ভাৰতবৰ্ষৰ সংস্কৃতি আৰু আত্মাক প্রতিনিধিত্ব কৰা বিজেপিৰ যাত্ৰা কেতিয়াও মসৃন নাছিল। সংঘর্ষ, সেৱা আৰু আদর্শেৰে যাত্ৰা আৰম্ভকৰি বিজেপিয়ে মাত্র ২ জন সাংসদৰ পৰা আজি ৩০৩ জন সাংসদলৈ উত্তৰণ কৰাৰ লগতে বিশ্বৰ সৰ্ববৃহৎ ৰাজনৈতিক দল হিচাপে প্রতিষ্ঠিত হৈছে। প্রতিষ্ঠা দিৱসৰ দিনটোত দলৰ হকে প্রাণ আহুতি দিয়া লাখ লাখ কার্যকৰ্তাক শ্রদ্ধা সহকাৰে স্মৰণ কৰি ভাৰতীয় জনতা পার্টিৰ প্ৰতিজন কার্যকর্তাই অনাগত দিনত ড০ শ্যামা প্রসাদ মুখার্জী, পণ্ডিত দীনদয়াল উপাধ্যায়, অটল বিহাৰী বাজপেয়ীকে ধৰি অগ্রজ সকলে প্ৰদান কৰি থৈ যোৱা আদৰ্শত ব্ৰতী হৈ ৰাষ্ট্ৰ নিৰ্মাণৰ স্বাৰ্থত নিজকে জড়িত কৰাব বুলি আশা ব্যক্ত কৰে।

হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী


 rajesh pande