
গুৱাহাটী, ০৫ এপ্ৰিল (হি.স.)। অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গে অতি শীঘ্ৰে ন্যায় লাভ কৰিব বুলি উল্লেখ কৰে। তেওঁ উল্লেখ কৰে যে অহা ১০ দিনৰ ভিতৰত জুবিন গাৰ্গৰ সৈতে জড়িত গোচৰটোত অভিযোগ ফ্ৰেমৱৰ্ক কৰা হ’ব।
সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত মুখ্যমন্ত্ৰীয়ে কয় যে অভিযোগ ফ্ৰেমৱৰ্ক হোৱাৰ পিছত গোচৰৰ তথ্যৰ ভিত্তিত আইনী প্ৰক্ৰিয়া আগবাঢ়িব।
আন এক প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে কুকি চৌধুৰীৰ ওপৰত তীব্ৰ আক্ৰমণ চলায়। তেওঁ উল্লেখ কৰে যে কামাখ্যা মন্দিৰ, মাজুলী, বটাদ্ৰৱ থানৰ দৰে পবিত্ৰ স্থানত গো-মাংস সেৱন কৰাটো কোনো কাৰণতে সহ্য কৰা নহ’ব।
মুখ্যমন্ত্রী শৰ্মাই কয় যে যদি কুকি চৌধৰীয়ে নিজকে সনাতনী বুলি গণ্য কৰে তেন্তে ৰাজহুৱাভাৱে পিতৃ-মাতৃৰ কথিত কার্যৰ পৰা নিজকে আঁতৰাই ৰাখিব লাগে৷ নিৰ্বাচনৰ পিছত কুকীৰ পিতৃ-মাতৃয়ে গো-মাংস সেৱন কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও তেওঁ সকীয়াই দিয়ে।
নিৰ্বাচন সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে আস্থা প্ৰকাশ কৰে যে বিজেপিয়ে ৯০ৰ পৰা ১০০খন আসন লাভ কৰিব। যোৰহাটৰ ৰাইজে পূৰ্ণ সমৰ্থন আগবঢ়াইছে আৰু বিজেপিৰ প্ৰাৰ্থী হিতেন্দ্ৰ নাথ গোস্বামীয়ে বিপুল ব্যৱধানত জয়ী হ’ব বুলিও মন্তব্য কৰে।
মুখ্যমন্ত্রী শৰ্মাই লগতে কয় যে স্বচ্ছ নিযুক্তিয়ে ৰাজ্যৰ যুৱক-যুৱতীসকলৰ মনত আশাৰ সঞ্চাৰ কৰিছে আৰু সেইবাবেই অসমৰ যুৱক-যুৱতীসকলে বিজেপিৰ সৈতে থিয় দিছে৷
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া