ওৱাইছিৰ অসম ভ্ৰমণৰ বিৰুদ্ধে প্ৰতিবাদ, নেতৃত্ব সলনিৰ বাতৰিক ভুৱা আখ্যা
গুৱাহাটী, ০৫ এপ্ৰিল (হি.স.)। আই আই এম আই এমৰ মুৰব্বী আছাদুদ্দিন ওৱেইছিৰ অসম ভ্ৰমণক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি টাই আহোম যুৱ পৰিষদ, অসমে ইয়াক সাম্প্ৰদায়িকতাক প্ৰসাৰিত কৰা পদক্ষেপ বুলি অভিহিত কৰে। যোৱা নিশা সংবাদমেল সম্বোধন কৰি সংগঠনটোৱে ওৱেই
Tai Ahom Youth Council officials raising questions on Owaisi’s Assam Visit.


গুৱাহাটী, ০৫ এপ্ৰিল (হি.স.)। আই আই এম আই এমৰ মুৰব্বী আছাদুদ্দিন ওৱেইছিৰ অসম ভ্ৰমণক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি টাই আহোম যুৱ পৰিষদ, অসমে ইয়াক সাম্প্ৰদায়িকতাক প্ৰসাৰিত কৰা পদক্ষেপ বুলি অভিহিত কৰে।

যোৱা নিশা সংবাদমেল সম্বোধন কৰি সংগঠনটোৱে ওৱেইছীক অসমলৈ নিমন্ত্ৰণ কৰা সকলকো তীব্ৰ সমালোচনা কৰে। এনে পদক্ষেপে ৰাজ্যৰ সামাজিক সম্প্ৰীতি বিঘ্নিত কৰাৰ লগতে সাম্প্ৰদায়িক উত্তেজনাত ইন্ধন যোগাব পাৰে বুলি অভিযোগ উত্থাপন কৰে পৰিষদে। সংগঠনটোৱে যিকোনো ধৰণৰ বিভাজনকাৰী ৰাজনীতিৰ বিৰোধিতা কৰা বুলি স্পষ্ট কৰি দিয়ে।

সংগঠনটোৱে আৰু সকীয়াই দিয়ে যে অনাগত দিনত ওৱেইছীক অসমৰ মাটিত ভৰি দিবলৈ দিয়া নহ’ব। সংগঠনটোৱে কয় যে ওৱাইছীয়ে হয়তো পাহৰি গৈছে যে আহোমসকলে কেনেকৈ মোগলক অসমত প্ৰৱেশ কৰাত বাধা দিছিল।

ইফালে, পৰিষদৰ সভাপতি দিগন্ত তামুলীক পদৰ পৰা অপসাৰণ কৰা বুলি প্ৰকাশ পোৱা খবৰকো স্পষ্টভাৱে নাকচ কৰে। সংগঠনটোৱে উল্লেখ কৰে যে একাংশ সংবাদ মাধ্যমত প্ৰকাশিত এই খবৰ সম্পূৰ্ণ বিভ্ৰান্তিকৰ আৰু অসত্য।

সংগঠনটোৰ যুটীয়া সম্পাদক দীপজ্যোতি বৰুৱাই জনসাধাৰণক বিপথে পৰিচালিত কৰাৰ উদ্দেশ্যেৰে এনে ভুৱা বাতৰি একাংশ ন্যস্ত স্বাৰ্থই প্ৰচাৰ কৰা বুলি অভিযোগ উত্থাপন কৰে। তেওঁ সংবাদ মাধ্যমক খবৰ প্ৰকাশৰ পূৰ্বে তথ্য সত্যাসত্য নিৰূপণ কৰিবলৈ আহ্বান জনায়।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande