
কাৰ্বি আংলং, ০৫ এপ্ৰিল (হি.স.): কাৰ্বি আংলং জিলাৰ বোকাজান আৰক্ষী থানাৰ অন্তৰ্গত চি. চি. আই গেটত যোৱা কালি শনিবাৰে সন্ধিয়া সংঘটিত হয় এক পথ দুৰ্ঘটনা। ডিমাপুৰ দিশৰ পৰা আহি থকা এএছ ০৯ বিচি ৪৪৭৫ নম্বৰৰ এখন যাত্ৰীবাহী অট'য়ে তীব্ৰ বেগত আহি নিয়ন্ত্ৰণ কৰিব নোৱাৰি ৰাষ্ট্ৰীয় ঘাইপথত থকা আৰক্ষীৰ বেৰিগেটত প্ৰচণ্ড জোৰেৰে খুন্দা মাৰে। যাৰ ফলত অট চালক জন গুৰুতৰ ভাবে আঘাতপ্ৰাপ্ত হয়।
জানিব পৰা অনুসৰি অট চালক জন অধিক মাত্ৰাত সুৰা পান কৰি অহাৰ বাবে এই দুৰ্ঘটনাতো সংঘটিত হ'বলৈ পালে। পৰৱৰ্ত্তী সময়ত স্থানীয় লোকৰ লগতে কৰ্মত নিয়োগ হৈ থকা চিআৰপিএফ জোৱান সকলৰ সহযোগত চালক জনক আৰোগ্য চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ