
ইম্ফল, ০৫ এপ্ৰিল (হি.স.)। ইম্ফল পূৱ আৰু ইম্ফল পশ্চিম জিলাত চলা সমন্বিত অভিযানত নিষিদ্ধ কেচিপিৰ তিনি সক্ৰিয় কেডাৰক গ্ৰেপ্তাৰ কৰে মণিপুৰ আৰক্ষীয়ে।
মণিপুৰ আৰক্ষী মুখ্য কাৰ্যালয়ে আজি প্ৰকাশ কৰা এক বিবৃতিত উল্লেখ কৰা হৈছে যে ধৃত কেডাৰকেইজনৰ নাম থংজাম য়াইফাবা মেইটেই ওৰফে ৰবি বা পিকৰু (৩২); লাইটনজাম ৰমাকান্ত মেইটেই ওৰফে বোথে (৩৫), আৰু থংজাম হেৰোজিত ওৰফে গুডুপাও (৩৯)। তিনিওজনকে নিজ নিজ বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰে।
গ্ৰেপ্তাৰৰ সময়ত নিৰাপত্তাৰক্ষীয়ে ৩টা মোবাইল হেণ্ডছেট আৰু দুখন আধাৰ কাৰ্ডো জব্দ কৰে। আৰক্ষীয়ে জনোৱা মতে, অঞ্চলটোত সক্ৰিয় এই গোটটোৰ কাৰ্যকলাপৰ সন্দৰ্ভত নিৰ্দিষ্ট চোৰাংচোৱাৰ ভিত্তিত এই অভিযান চলোৱা হৈছে।
এক সুকীয়া ঘটনাত ৩ এপ্ৰিলত টেংগনৌপাল জিলাৰ মৰেহ থানাৰ অধীনস্থ ইয়াংগুবুং গাঁৱৰ সমীপৰ সীমান্ত স্তম্ভ ৭২ আৰু ৭৩ৰ মাজৰ অঞ্চলৰ পৰা বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ আৰু বিস্ফোৰক উদ্ধাৰ কৰা হয়।
উদ্ধাৰ হোৱা সামগ্ৰীসমূহৰ ভিতৰত আছে এটা এ কে-৪৭ ৰাইফল (মেগজিনসহ), দুটা ৯ এম এম পিষ্টল (মেগজিনসহ), চাৰিটা ডিটনেটৰ, আঠটা বেটাৰী, এটা কৌশলগত ৰেডিঅ’ চেট, এটা প্ৰাথমিক চিকিৎসা কিট, আৰু ম্যানমাৰৰ মুদ্ৰাত ১৬,৮০০ কিয়াট। ঘটনাস্থলীৰ পৰা ষোল্লটা ইম্প্ৰভাইজড এক্সপ্ল’ছিভ ডিভাইচ (আই ই ডি)ও উদ্ধাৰ কৰা হয়, যিবোৰ নিৰাপত্তাৰক্ষীৰ দলে থিতাতে ধ্বংস কৰে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া