জামুগুৰিহাটত ১৬ টাকৈ শগুনৰ মৃতদেহ উদ্ধাৰ
শোণিতপুৰ, ০৫ এপ্ৰিল (হি.স.)। জামুগুৰিহাটৰ হোকাই পথাৰত ১৬ টাকৈ শগুনৰ মৃত্যু ৷ গৰুৰ মৰা শ ভক্ষণ কৰাৰ ফলত মৃত্যু হোৱাৰ সন্দেহ শগুন কেইটাৰ ৷ প্ৰকৃতিৰ জামাদাৰ ৰূপে খ্যাত শগুন কেইটাৰ মৃত্যুত ব্যথিত প্ৰকৃতিপ্ৰেমী ৷ ঘটনাস্থলীত বন বিভাগৰ লোক উপস্থিত হৈ মৰা
জামুগুৰিহাটত ১৬ টাকৈ শগুনৰ মৃতদেহ উদ্ধাৰ


শোণিতপুৰ, ০৫ এপ্ৰিল (হি.স.)। জামুগুৰিহাটৰ হোকাই পথাৰত ১৬ টাকৈ শগুনৰ মৃত্যু ৷ গৰুৰ মৰা শ ভক্ষণ কৰাৰ ফলত মৃত্যু হোৱাৰ সন্দেহ শগুন কেইটাৰ ৷ প্ৰকৃতিৰ জামাদাৰ ৰূপে খ্যাত শগুন কেইটাৰ মৃত্যুত ব্যথিত প্ৰকৃতিপ্ৰেমী ৷ ঘটনাস্থলীত বন বিভাগৰ লোক উপস্থিত হৈ মৰা শগুনৰ মৰোণত্তৰ পৰীক্ষাৰ ব্য়ৱস্থা কৰে ৷

ইয়াৰ পুৰ্বেও অসমৰ বিভিন্ন জিলাত প্ৰকৃতিৰ জামাদাৰ স্বৰুপ শগুনৰ মৃত্য়ুৰ ঘটনা সংঘটিত হৈছে। গঞা ৰাইজে সৰ্প দংশনত মৃত্য়ু হোৱা গৰু অথবা আন বিষক্ৰিয়াত আক্ৰান্ত গৰুৰ মৃত্যু হলে ৰাইজে মুকলি অঞ্চলত পেলাই থয়। শগুনে এনে মৃত গৰু ভক্ষণ কৰিলে মৃত্য়ু মুখত পৰে বুলি বিশেষজ্ঞ সকলে মত পোষণ কৰে।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande