ৰাজস্থানৰ হাতত পৰাস্ত হোৱাৰ পাছত ৰছিদ খানে কয়- নিজৰ ভুলৰ পৰা শিক্ষা ল’ব আৰু শক্তিশালী প্ৰত্যাৱৰ্তন কৰিব
আহমেদাবাদ, ০৫ এপ্ৰিল (হি.স.)। গুজৰাট টাইটানছৰ ষ্টেণ্ড-ইন অধিনায়ক ৰছিদ খানে শনিবাৰে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগত ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে একেৰাহে দ্বিতীয়বাৰৰ বাবে পৰাজয়ৰ বাবে হতাশা প্ৰকাশ কৰে। মিডল অভাৰত ধাৰাবাহিকভাৱে উইকেট হেৰুৱাই দলটোৰ গতিবেগ বিঘ
राशिद खान और कगिसो रबाडा


আহমেদাবাদ, ০৫ এপ্ৰিল (হি.স.)। গুজৰাট টাইটানছৰ ষ্টেণ্ড-ইন অধিনায়ক ৰছিদ খানে শনিবাৰে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগত ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে একেৰাহে দ্বিতীয়বাৰৰ বাবে পৰাজয়ৰ বাবে হতাশা প্ৰকাশ কৰে। মিডল অভাৰত ধাৰাবাহিকভাৱে উইকেট হেৰুৱাই দলটোৰ গতিবেগ বিঘ্নিত হোৱা বুলিও তেওঁ কয়। ৰছিদে লগতে কয় যে প্ৰতিযোগিতাখন এতিয়াও প্ৰাৰম্ভিক পৰ্যায়ত আছে আৰু দলটোৱে নিজৰ ভুলৰ পৰা শিক্ষা ল’ব আৰু পৰৱৰ্তী মেচত শক্তিশালী প্ৰত্যাৱৰ্তন কৰিব।

নিয়মীয়া অধিনায়ক শুভমন গিলে হামষ্ট্ৰিং ষ্ট্ৰেইনৰ বাবে খেলখনত অংশ ল’ব নোৱাৰিলে, ৰছিদ খানে বাঘজৰী গ্ৰহণ কৰে।

মেচৰ অন্তত ৰছিদে কয়, আমি ভাল বলিং কৰিছিলো, বিশেষকৈ তেওঁলোকে আৰম্ভণিৰ ধৰণৰ সৈতে। তেওঁলোকক প্ৰায় ২১০ ৰানত সীমাবদ্ধ কৰাটো এটা ডাঙৰ প্ৰচেষ্টা আছিল। তাৰ পিছত, আমি বেটৰ সৈতেও ভাল আৰম্ভণি কৰিছিলো। শীৰ্ষ অৰ্ডাৰৰ বেটছমেনসকলে আমাক এক কঠিন আৰম্ভণি দিছিল। কিন্তু আমি ১২ আৰু ১৩ অভাৰত দ্ৰুত একেৰাহে উইকেট হেৰুৱাইছিলো, যাৰ ফলত আমাৰ ছন্দ হেৰুৱাইছিল।

মই ভাবো এনে এটা উইকেটত প্ৰতি অভাৰত ৯-১০ ৰান সংগ্ৰহ কৰাটো বৰ কঠিন নহয়। কিন্তু সেই সময়ত আমি কিছু গতি হেৰুৱাইছিলো আৰু বেছি সময় আক্ৰমণাত্মকভাৱে খেলিব পৰা নাছিলো। এই উইকেটত বাউণ্ডেৰী সহজ আছিল যদিও ইমান সোনকালে উইকেট কমি যোৱাৰ বাবে আমি শেষলৈকে গতি বজাই ৰাখিব পৰা নাছিলো।

শেষৰ অভাৰৰ সন্দৰ্ভত ৰছিদে কয়, আমাক মাত্ৰ এটা বাউণ্ডেৰীৰ প্ৰয়োজন আছিল। যদি আমি সেইটো পাইছিলোঁ তেন্তে আৰু অধিক প্ৰয়োজন নহ'লহেঁতেন। কিন্তু তুছাৰে বহুত ভাল বলিং কৰিছিল। তেওঁ কিছুমান উৎকৃষ্ট ইয়ৰ্কাৰ বল কৰিছিল, যিয়ে আমাক কোনো সুযোগৰ পৰা বঞ্চিত কৰিছিল।

মেচখনৰ কথা ক’বলৈ গ’লে আহমেদাবাদৰ নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত প্ৰথমে বেটিং কৰি ৰাজস্থান ৰয়েলছে ২০ অভাৰত ৬ উইকেটত ২১০ ৰান সংগ্ৰহ কৰে। যশস্বী জয়ছোৱাল (৫৫) আৰু ধ্ৰুৱ জুৰেলে (৭৫) অৰ্ধশতক অৰ্জন কৰাৰ বিপৰীতে বৈভৱ ৰঘুবংশীয়ে দ্ৰুত ৩১ ৰান সংগ্ৰহ কৰে।

ইয়াৰ উত্তৰত গুজৰাট টাইটানছৰ আৰম্ভণি ভাল আছিল। ছাই সুদৰ্শনে ৭৩ ৰানৰ উজ্জ্বল ইনিংছ খেলিছিল যদিও মিডল অৰ্ডাৰে গ্লেন ফিলিপছ (৩), ৱাশ্বিংটন সুন্দৰ (৪), ৰাহুল তেৱাটিয়া (১২) আৰু শ্বাহৰুখ খান (১১)ৰ দ্ৰুত উইকেট হেৰুৱাইছিল।

শেষত ৰছিদ খান (২৪) আৰু কাগিছ’ ৰাবাদা (২৩ নট আউট)য়ে দ্ৰুত ৰাণ দি মেচখন ৰোমাঞ্চকৰ কৰি তুলিছিল। গুজৰাটৰ শেষ অভাৰত জয়ী হ’বলৈ ১১ ৰানৰ প্ৰয়োজন আছিল যদিও ৪ ৰানহে সংগ্ৰহ কৰিব পাৰিছিল।এনেদৰে ২০ অভাৰত ৮ উইকেটত ২০৪ ৰানহে কৰিবলৈ সক্ষম হৈছিল আৰু মেচখনত ৬ ৰাণত পৰাস্ত হৈছিল। গুজৰাটৰ পৰৱৰ্তী মেচ হ’ব দিল্লী কেপিটেলছৰ বিৰুদ্ধে।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande