
গুৱাহাটী, ০৫ এপ্ৰিল (হি.স.)। ৰাজধানী গুৱাহাটীৰ বশিষ্ঠ থানা এলেকাত দেওবাৰে পুৱা হঠাৎ অগ্নিকাণ্ড সংঘটিত হোৱাৰ ফলত সমগ্ৰ অঞ্চলটোত আতংকৰ সৃষ্টি হয়। ঘটনাৰ সময়তে দুটা গেছ চিলিণ্ডাৰ বিস্ফোৰণ হোৱাৰ ফলত জুই দ্ৰুতগতিত বিয়পি পৰে। কোনো লোক হতাহত হোৱাৰ খবৰ পোৱা নাই।
খবৰ অনুসৰি আজি পুৱা বশিষ্ঠৰ ৭ নং পাতৰকুছি ৭ নং উপপথৰ অৱস্থিত এটা ৰবৰ গুদামত হঠাতে অগ্নিকাণ্ড সংঘটিত হয়। জুই দ্ৰুতগতিত বিয়পি পৰাত ক’লা ধোঁৱাৰ ডাৱৰে সমগ্ৰ অঞ্চলটো আগুৰি ধৰিলে। স্থানীয় লোকে জনোৱা মতে, গুদামটোত মজুত থকা গেছ চিলিণ্ডাৰবোৰ এই ঘটনাৰ সময়ত বিস্ফোৰণ হোৱাৰ সম্ভাৱনা আছে। এটাৰ পিছত এটাকৈ দুটা চিলিণ্ডাৰ বিস্ফোৰণ হোৱা বুলি খবৰ পোৱা গৈছে।
তথ্য লাভ কৰাৰ লগে লগে প্ৰায় পাঁচখন আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীৰ বাহন সেই স্থানত উপস্থিত হৈ জুই নিৰ্বাপন কৰিবলৈ আৰম্ভ কৰে। ৰবৰৰ গুদামটো কেপ্তেইন নামৰ এজন ব্যক্তিৰ বুলি জানিব পৰা গৈছে। অগ্নিনিৰ্বাপক বাহিনীয়ে কঠোৰ পৰিশ্ৰম কৰি জুই নিৰ্বাপন কৰিবলগীয়া হৈছিল। দুৰ্ঘটনাটোত সা-সম্পত্তিৰ ক্ষতিৰ পৰিমাণ প্ৰায় ₹৫০ লাখ টকা হ'ব বুলি কোৱা হৈছে। অৱশ্যে অগ্নিকাণ্ডৰ কাৰণ জানিব পৰা হোৱা নাই। এই সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া