
লখিমপুৰ, ০৫ এপ্ৰিল (হি.স.): লক্ষিমপুৰ জিলাত সংঘটিত হৈছে নিৰ্বাচন কেন্দ্ৰিক হিংসা। বিজেপিৰ নিৰ্বাচনী প্ৰচাৰত কংগ্ৰেছীয়ে বাধা প্ৰদান কৰাৰ অভিযোগ উঠিছে । সভা কৰিবলৈ যোৱা বিজেপি কৰ্মীক ঘেৰাও কৰি আক্ৰমণৰ চেষ্টা চলায়। নাৰায়ণপুৰত যোৱা কালি শনিবাৰে সন্ধিয়া সংঘটিত হৈছে এই নিৰ্বাচনী হিংসা।
নাৰায়ণপুৰৰ সাৰজানত বিজেপিৰ বুথ সভাপতিৰ ঘৰত সভা অনুষ্ঠিত হৈ থকাৰ সময়তে একাংশ কংগ্ৰেছীয়ে এক হুলস্থূলীয়া পৰিবেশৰ সৃষ্টি কৰে।জানিব পৰা মতে নাৰায়ণপুৰ পৌৰ সভাৰ পৌৰপতি তথা প্ৰভাৰী হৰিশ চন্দক, প্ৰভাৰী লক্ষীকান্ত বৰাই বিজেপিয়ে নিৰ্বাচন পৰিচালনাৰ বাবে কৰিব লগা কাম কাজ সমূহ দলীয় কাৰ্যকৰ্তাক বুজাই থকা সময়তে কংগ্ৰেছ কৰ্মীয়ে ধন বিলাইছে বুলি ঘেৰাও কৰে। উপায়ান্তৰ হৈ বিজেপি কৰ্মী সকলে নাৰায়ণপুৰ আৰক্ষীক খবৰ দিয়াত আৰক্ষীয়ে তেওঁলোকক উদ্ধাৰ কৰি নাৰায়ণপুৰ আৰক্ষী থানালৈ লৈ আহে। পৰৱৰ্তী সময়ত বিজেপিয়ে দিয়া অভিযোগৰ ভিত্তিত দুয়ো পক্ষকে আৰক্ষীয়ে মাতি আনি স্থানীয় দণ্ডাধীশৰ সন্মুখত বুজাপৰা মাজত বিষয়টো মিমাংসা কৰে যদিও কংগ্ৰেছী সকলক ভৱিষ্যতে এনে কাৰ্যৰ পৰা বিৰত থাকিবলৈ সকিয়নী দিয়ে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ