
নলবাৰী, ০৫ এপ্ৰিল (হি.স.): সমাগত বিধানসভা নিৰ্বাচন উপলক্ষে জোৰদাৰ হৈ পৰিছে প্ৰচাৰ অভিযান। নলবাৰী জিলাৰ বিধানসভা সমষ্টিসমূহতো তীব্ৰ হৈ পৰিছে প্ৰচাৰ অভিযান। নলবাৰীৰ টিহু বিধানসভা সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী চন্দ্ৰমোহন পাটোৱাৰীৰ যোৱা কালি শনিবাৰে নিশালৈ নিৰ্বাচনী প্ৰচাৰ চলায়। বনগাঁৱত ৪০ নং টিহু সমষ্টিৰ পশ্চিম নলবাৰী মণ্ডলৰ মুখ্য নিৰ্বাচনী কাৰ্যালয়টো বিজেপি প্ৰাৰ্থী চন্দ্ৰমোহন পাটোৱাৰীৰ মুকলি কৰে ৷ সহস্ৰাধিক লোকৰ অংশগ্ৰহণ চন্দ্ৰমোহনন পাটোৱাৰীৰ নিৰ্বাচনী সভাত।
টিহু বিধানসভা সমষ্টিত অন্তৰ্গত কেইবাটাও অঞ্চলত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী চন্দ্ৰমোহন পাটোৱাৰীয়ে নিৰ্বাচনী প্ৰচাৰ চলায়।সমষ্টি পুনঃনিৰ্ধাৰণৰ পিছত বৰক্ষেত্ৰী সমষ্টিৰ পৰা নৱগঠিত টিহু বিধানসভা সমষ্টিত অন্তৰ্ভুক্ত হোৱা সংখ্যালঘু স্থানসমূহত জনপ্ৰিয়তা অৰ্জন কৰিছে চন্দ্ৰমোহন পাটোৱাৰীয়ে । উন্নয়ন আৰু বিকাশৰ স্বাৰ্থত ৰাইজ এইবাৰ বিজেপিৰ সপক্ষে ওলাই অহা বুলি মন্তব্য প্ৰদান কৰে চন্দ্ৰমোহন পাটোৱাৰীয়ে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ