
দেশৰ ৰাজনৈতিক ইতিহাসত ৬ এপ্ৰিল তাৰিখটোৱে বিশেষ তাৎপৰ্য লাভ কৰিছে। ১৯৮০ চনৰ আজিৰ দিনটোতে ভাৰতীয় জনতা পাৰ্টি (বিজেপি) প্ৰতিষ্ঠা হয়, যিয়ে পৰৱৰ্তী সময়ত ভাৰতীয় ৰাজনীতিত এক প্ৰধান শক্তি হিচাপে প্ৰতিষ্ঠা লাভ কৰে।
১৯৫১ চনত শ্যামা প্ৰসাদ মুখাৰ্জীয়ে প্ৰতিষ্ঠা কৰা ভাৰতীয় জনসংঘত বিজেপিৰ শিপা নিহিত হৈ আছে।সংগঠনে দীৰ্ঘদিন ধৰি দেশৰ ৰাজনীতিত সক্ৰিয় ভূমিকা গ্ৰহণ কৰি মতাদৰ্শগত ভেটি স্থাপন কৰিছিল।
১৯৭৫ চনত জাৰি কৰা জৰুৰীকালীন অৱস্থাৰ পিছত ৰাজনৈতিক পৰিস্থিতিৰ বৃহৎ পৰিৱৰ্তন ঘটে। ১৯৭৭ চনত জনসংঘকে ধৰি কেইবাটাও দল একত্ৰিত হৈ জনতা পাৰ্টি গঠন কৰি সাধাৰণ নিৰ্বাচনত কংগ্ৰেছক ক্ষমতাৰ পৰা উৎখাত কৰে।
কিন্তু আভ্যন্তৰীণ মতানৈক্যৰ বাবে জনতা পাৰ্টি বেছি দিন একত্ৰিত হৈ থাকিব নোৱাৰিলে। অৱশেষত ১৯৮০ চনত ই বিভাজিত হয় আৰু এই প্ৰক্ৰিয়াৰ জৰিয়তে ভাৰতীয় জনতা পাৰ্টি গঠন হয়।
গঠনৰ পিছত ক্ৰমান্বয়ে বিজেপি সংগঠন সবল কৰি তুলিলে আৰু আজি ই দেশৰ অন্যতম প্ৰধান ৰাজনৈতিক দলত পৰিণত হৈছে। গতিকে ভাৰতৰ ৰাজনীতিত ৬ এপ্ৰিলক এক টাৰ্নিং পইণ্ট হিচাপে দেখা যায়।
গুৰুত্বপূৰ্ণ পৰিঘটনা
১৬০৬ - ৰাজকুমাৰ খুছৰোৱে পিতৃ মোগল শাসক জাহাংগীৰৰ বিৰুদ্ধে বিদ্ৰোহ কৰে।
১৮৯৬ - আধুনিক অলিম্পিক গেমছ আৰম্ভ হয়।
১৯০৬ - প্ৰথম এনিমেটেড কাৰ্টুনৰ কপিৰাইট লাভ কৰা হয়।
১৯১৭ - প্ৰথম বিশ্বযুদ্ধত আমেৰিকাই জাৰ্মানীৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰে।
১৯১৯ - মহাত্মা গান্ধীয়ে ৰাইলট আইনৰ বিৰুদ্ধে প্ৰথম সৰ্বভাৰতীয় ধৰ্মঘটৰ আহ্বান জনায়।
১৯২৫ - প্ৰথমবাৰৰ বাবে এখন বিমানত ছবি প্ৰদৰ্শন কৰা হয়। বিমান খন ব্ৰিটিছ এয়াৰৱেজৰ আছিল ।
১৯৩০ - মহাত্মা গান্ধীয়ে স্বাধীন ভাৰতৰ দাবীত আইন অমান্য আন্দোলন আৰম্ভ কৰে।
১৯৩৬ - এএনপিয়ে আমষ্টাৰডামত প্ৰথম টেলেক্স সেৱা আৰম্ভ কৰে।
১৯৪২ - জাপানৰ যুদ্ধ বিমানে প্ৰথমবাৰৰ বাবে ভাৰতৰ ভূখণ্ডত বোমা বিস্ফোৰণ কৰে।
১৯৫৫ - আমেৰিকাই পাৰমাণৱিক পৰীক্ষা চলায়।
১৯৫৭ - ছোভিয়েট ইউনিয়নে পাৰমাণৱিক পৰীক্ষা চলায়।
১৯৬৬ - ভাৰতীয় সাঁতোৰবিদ মিহিৰ সেন সাঁতুৰি পাল্ক জলদ্বীপ পাৰ হয়।
১৯৮০ - ভাৰতীয় জনতা পাৰ্টি প্ৰতিষ্ঠা হয়।
১৯৮২ - আৰ্জেণ্টিনাই দক্ষিণ আটলাণ্টিক মহাসাগৰৰ উপনিবেশ ফকলেণ্ড দ্বীপপুঞ্জৰ নিয়ন্ত্ৰণ লয়।
১৯৮৫ - পেৰিছত বিশ্ববিখ্যাত শিল্পী তথা পাবলো পিকাচোৰ সমসাময়িক মাৰ্ক চাগালৰ মৃত্যু হয়।
১৯৯৮ - পাকিস্তানে ঘৌৰী ক্ষেপণাস্ত্ৰ সফল নিক্ষেপ কৰে।
১৯৯৯ - নেপালে ভাৰতীয় মুদ্ৰাৰ নোট ৫০০ টকাৰ পুনৰ প্ৰৱৰ্তনৰ ঘোষণা কৰে।
২০০০ - কৰাচীৰ আদালতে সন্ত্ৰাসবাদ আৰু অপহৰণৰ গোচৰত পদচ্যুত হোৱা প্ৰধানমন্ত্ৰী নৱাজ শ্বৰীফক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰে।
২০০৩ - উত্তৰ হণ্ডুৰাছত কাৰাগাৰত হোৱা সংঘৰ্ষত ৮৬ জন কয়দীৰ মৃত্যু হয়।
২০০৫ - কুৰ্দি নেতা জালাল তালাবানি ইৰাকৰ নতুন ৰাষ্ট্ৰপতি নিৰ্বাচিত হয়।
২০০৭ - বাংলা সাহিত্যিক লীলা মজুমদাৰৰ মৃত্যু হয়।
২০০৮ - কেন্দ্ৰৰ ইউনাইটেড প্ৰগ্ৰেছিভ এলায়েন্স (ইউপিএ) চৰকাৰৰ মন্ত্ৰীসভাত সাতটা নতুন মুখক অন্তৰ্ভুক্ত কৰা হয়।
২০০৮ - এলটিটিইৰ আত্মঘাতী আক্ৰমণত ঘাইপথ মন্ত্ৰী জয়ৰাজ ফাৰ্নাণ্ডোপুলেকে ধৰি ১২ জন লোক নিহত হয়।
২০০৮ - ইথিওপিয়াৰ এখন আদালতে পাঁচজন শীৰ্ষ বিষয়াক বিমান আক্ৰমণত দোষী সাব্যস্ত কৰি পাঁচ বছৰৰ কাৰাদণ্ড বিহে।
২০১০ - ভাৰতৰ বিত্তমন্ত্ৰী প্ৰণৱ মুখাৰ্জী আৰু ভাৰত ভ্ৰমণলৈ অহা আমেৰিকাৰ কোষাগাৰ সচিব টিমথি গেইথনাৰে অৰ্থনৈতিক অংশীদাৰিত্বৰ চুক্তিত স্বাক্ষৰ কৰে।
২০১৩ - দক্ষিণ কোৰিয়াৰ চাংৱনত অনুষ্ঠিত হোৱা আন্তঃৰাষ্ট্ৰীয় শ্বুটিং ক্ৰীড়া ফেডাৰেচন বিশ্বকাপত ২৫ মিটাৰ পিষ্টল ইভেণ্টত ৰাহি ছাৰ্নোবটে সোণৰ পদক লাভ কৰে।
২০২০ - সমগ্ৰ বিশ্বতে কৰ’না সংক্ৰমণত ৭০ হাজাৰৰো অধিক লোকৰ মৃত্যু। ভাৰতত আক্ৰান্তৰ সংখ্যাই ৪৫০০ অতিক্ৰম কৰিলে।
২০২৪ - আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰলৈ অভিযানৰ অন্তত দুগৰাকী মহিলা আৰু এজন পুৰুষ মহাকাশচাৰীয়ে ৰাছিয়াৰ মহাকাশ কেপচুলৰ জৰিয়তে কাজাখাস্তানত উপস্থিত হয়।
জন্ম
১৫৯৩ - মুমতাজ মহল - আছাফ খানৰ কন্যা, মোগল সম্ৰাট খুৰৰাম (শ্বাহজাহান)ৰ সৈতে বিবাহপাশত আবদ্ধ হয়।
১৮৮৬ - ওচমান আলী - হায়দৰাবাদৰ শেষ নিজাম।
১৯২৯ - প্যাৰেলাল খাণ্ডেলৱাল - ৰাজনীতিবিদ।
১৯৩১ - সুচিত্ৰা সেন - বিখ্যাত চলচ্চিত্ৰ অভিনেত্ৰী।
১৯৫৬ - দিলীপ ভেংছাৰকাৰ - এজন অসাধাৰণ ক্ৰিকেটাৰ।
১৯৭১ - সঞ্জয় সূৰী - বলীউডৰ অভিনেতা।
১৯৯৫ - প্ৰণাতি নায়ক - ভাৰতীয় জিমনাষ্ট।
মৃত্যু
১৯২৯ - আজিৰ দিনটোতে মহাশয় ৰাজপাল - প্ৰখ্যাত হিন্দী কৰ্মী আৰু প্ৰকাশক।
২০০১ - চৌধুৰী দেৱী লাল - ভাৰতৰ প্ৰাক্তন উপ প্ৰধানমন্ত্ৰী তথা ভাৰতীয় ৰাজনীতিৰ পথ প্ৰদৰ্শক, কৃষকৰ ত্ৰাণকৰ্তা।
২০২১ - প্ৰতিমা দেৱী (অভিনেত্ৰী) - কানাড়া চিনেমাৰ বিখ্যাত ভাৰতীয় অভিনেত্ৰী।
গুৰুত্বপূৰ্ণ অনুষ্ঠান
দাণ্ডি সত্যগ্ৰহ দিৱস (১৯৩০)
গ্ৰাম স্বৰাজ দিৱস
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া