ইষ্টাৰৰ পবিত্ৰ উৎসৱ উপলক্ষে মুখ্যমন্ত্ৰী শৰ্মাৰ শুভেচ্ছা জ্ঞাপন
গুৱাহাটী, ০৫ এপ্ৰিল (হি.স.)। ইষ্টাৰৰ শুভ আৰু আনন্দময় উৎসৱ উপলক্ষে দেওবাৰে ৰাজ্যৰ খ্ৰীষ্টান সমাজলৈ অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে। ছ’চিয়েল মিডিয়া বাৰ্তাত মুখ্যমন্ত্ৰীয়ে এই দিৱসৰ পবিত্ৰতা আৰু তাৎপৰ্যৰ ওপৰত আ
CM Sarma मुख्यमंत्री हिमंत


গুৱাহাটী, ০৫ এপ্ৰিল (হি.স.)। ইষ্টাৰৰ শুভ আৰু আনন্দময় উৎসৱ উপলক্ষে দেওবাৰে ৰাজ্যৰ খ্ৰীষ্টান সমাজলৈ অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে।

ছ’চিয়েল মিডিয়া বাৰ্তাত মুখ্যমন্ত্ৰীয়ে এই দিৱসৰ পবিত্ৰতা আৰু তাৎপৰ্যৰ ওপৰত আলোকপাত কৰি কয় যে এই উৎসৱে মানুহৰ বিশ্বাসক পুনৰ সজীৱ কৰি তুলিব আৰু প্ৰত্যেক হৃদয়ত আশাৰ নতুন দীপ্তি প্ৰজ্বলিত কৰিব ।

ইষ্টাৰৰ লগত জড়িত ত্যাগ আৰু উদাৰ আদৰ্শই মানুহক অধিক মানৱীয় হ’বলৈ অনুপ্ৰাণিত কৰা আৰু সমাজত মমতা, শান্তি, সম্প্ৰীতি বজাই ৰখাৰ ক্ষেত্ৰত পথ প্ৰদৰ্শন কৰিব বুলিও তেওঁ আশা কৰে। এই মহোৎসৱৰ মনোভাৱে সকলোৰে জীৱনত ঐক্য আৰু ভাতৃত্ববোধক আৰু অধিক শক্তিশালী কৰি তোলাৰ কামনা কৰে মুখ্যমন্ত্ৰীয়ে।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande