অসমত বিজেপি কৰ্মীক প্ৰহাৰ কৰি হত্যা, নিৰ্বাচনী হিংসাৰ অভিযোগ
চৰাইদেউ, ০৫ এপ্ৰিল (হি.স.)। অসম বিধানসভাৰ নিৰ্বাচন ওচৰ চাপি অহাৰ লগে লগে বৃদ্ধি পাইছে নিৰ্বাচনকেন্দ্ৰিক হিংসাত্মক ঘটনা। চৰাইদেউ জিলাৰ পৰা সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা, য’ত বিজেপি কৰ্মী এজনক লাঠিৰে প্ৰহাৰ কৰি হত্যা কৰা হৈছে। দেওবাৰে আৰক্ষীয়ে জনোৱা ম
Dead body शव


চৰাইদেউ, ০৫ এপ্ৰিল (হি.স.)। অসম বিধানসভাৰ নিৰ্বাচন ওচৰ চাপি অহাৰ লগে লগে বৃদ্ধি পাইছে নিৰ্বাচনকেন্দ্ৰিক হিংসাত্মক ঘটনা। চৰাইদেউ জিলাৰ পৰা সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা, য’ত বিজেপি কৰ্মী এজনক লাঠিৰে প্ৰহাৰ কৰি হত্যা কৰা হৈছে।

দেওবাৰে আৰক্ষীয়ে জনোৱা মতে, নিহত খুদকন বৰা নামৰ লোকজনে প্ৰচাৰ চলাই আছিল। অভিযোগ অনুসৰি জয় ভাৰত পাৰ্টিৰ সমৰ্থকে তেওঁক আক্ৰমণ কৰি থিতাতে হত্যা কৰে। সূত্ৰই জনোৱা মতে, জয় ভাৰত পাৰ্টিৰ সমৰ্থক তিলেশ্বৰ মুৰ্মুৰ বিৰুদ্ধে এই হত্যাকাণ্ড সংঘটিত কৰাৰ অভিযোগ উত্থাপন হৈছে। ঘটনাৰ পিছতে সোণাৰি বিধান সভা সমষ্টিত এক উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি হয়।

ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সোণাৰি বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে ইয়াক অত্যন্ত দুৰ্ভাগ্যজনক বুলি অভিহিত কৰে। পথত এজন শ্ৰমিকক ৰখাই মৰিয়াই হত্যা কৰাটো গ্ৰহণযোগ্য নহয় বুলিও তেওঁ কয়।

অঞ্চলটোৰ ৰাইজে এই ঘটনাক তীব্ৰ গৰিহণা দিছে। নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি আৰক্ষীৰ কঠোৰ নিৰীক্ষণ সত্ত্বেও এনে ঘটনাই জনসাধাৰণক ক্ষুব্ধ কৰি তুলিছে। আৰক্ষীয়ে মূল অভিযুক্তক গ্ৰেপ্তাৰ কৰি জেৰা আৰম্ভ কৰাৰ বিপৰীতে স্থানীয় ৰাইজে দোষীক কঠোৰতম শাস্তি প্ৰদানৰ দাবী জনাইছে।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande