
চিৰাং, ০৫এপ্ৰিল (হি.স.)। নিৰ্বাচনলৈ মাজত মাথোঁ তিনিটা দিন। ৰাজনৈতিক দল সমূহে ৰাইজৰ পৰা ভোট আদায় কৰাৰ স্বাৰ্থত দিনে নিশাই চলাই গৈছে প্ৰচাৰ অভিযান। পিছ পৰি ৰোৱা নাই ২০ নং বিজনী বিধানসভা সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী ডিম্বেশ্বৰ বড়ো। বিজনী সমষ্টি উদ্ধাৰ কৰাৰ খাতিৰত দিনে নিশাই ব্যস্ত হৈ পৰিছে প্ৰচাৰত।
নিৰ্দলীয় প্ৰাৰ্থী ডিম্বেশ্বৰৰ সমৰ্থনত প্ৰতিদিনে তেওঁৰ বাসগৃহত ভিৰ কৰে সমষ্টিৰ শ শ লোক। প্ৰাৰ্থী গৰাকীক লগ কৰিবলৈ গাৰগাঁওস্থিত বাসগৃহত উপস্থিত হৈছে কেইবা শতাধিক লোক। তেওঁৰ প্ৰতি ৰাইজৰ সমৰ্থন দেখি বিজনীৰ আন প্ৰাৰ্থীৰ মুৰৰ কামোৰণীৰ সৃষ্টি হোৱাৰ লগতে তেওঁৰ বিৰুদ্ধে অপ প্ৰচাৰত লিপ্ত হোৱা বুলি অভিযোগ উত্থাপন কৰে নিৰ্দলীয় প্ৰাৰ্থী ডিম্বেশ্বৰ বড়োৰ।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু