ইৰাণৰ পৰা নিৰাপদে স্বদেশলৈ উভতি আহিছে ৩৪৫ জন ভাৰতীয় মাছমৰীয়া, আৰ্মেনিয়া হৈ চেন্নাইত উপস্থিত
চেন্নাই, ০৪ এপ্ৰিল (হি.স.)। ইৰাণত আবদ্ধ হৈ থকা ৩৪৫ জন ভাৰতীয় মাছমৰীয়াক নিৰাপদে উলিয়াই চেন্নাইলৈ অনা হৈছে। এই লোকসকলক আৰ্মেনিয়াৰ মাজেৰে ভাৰতলৈ অনা হৈছিল। এই অভিযানত সহযোগিতা আগবঢ়োৱাৰ বাবে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে আৰ্মেনিয়া চৰকাৰ
বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰ। ফাইল ফটো


চেন্নাই, ০৪ এপ্ৰিল (হি.স.)। ইৰাণত আবদ্ধ হৈ থকা ৩৪৫ জন ভাৰতীয় মাছমৰীয়াক নিৰাপদে উলিয়াই চেন্নাইলৈ অনা হৈছে। এই লোকসকলক আৰ্মেনিয়াৰ মাজেৰে ভাৰতলৈ অনা হৈছিল।

এই অভিযানত সহযোগিতা আগবঢ়োৱাৰ বাবে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে আৰ্মেনিয়া চৰকাৰ আৰু তেওঁৰ সমকক্ষ আৰাট মিৰ্জোয়ানক কৃতজ্ঞতা জ্ঞাপন কৰে।

চৰকাৰী তথ্য অনুসৰি ইৰাণৰ পৰা এতিয়ালৈকে ১২০০ৰো অধিক ভাৰতীয় নাগৰিকক নিৰাপদে উলিয়াই অনা হৈছে, ইয়াৰে বৃহৎ সংখ্যক ছাত্ৰ-ছাত্ৰী। এই অভিযান আৰ্মেনিয়া আৰু আজাৰবাইজানৰ মাজেৰে চলি আছে, ভাৰতীয় দূতাবাস আৰু স্থানীয় কৰ্তৃপক্ষই একেলগে কাম কৰি আছে।

ইফালে পশ্চিম এছিয়াত অব্যাহত থকা উত্তেজনাৰ মাজতো সংযুক্ত আৰব আমিৰশ্বাহীৰ পৰা ভাৰতলৈ সীমিত বিমান সেৱা অব্যাহত আছে। এই বিমানেৰে বহু সংখ্যক লোক ঘৰলৈ উভতি আহিছে।

খবৰ অনুসৰি ফেব্ৰুৱাৰী মাহৰ শেষৰ পৰা এই অঞ্চলৰ পৰা ৬.২৪ লাখৰো অধিক যাত্ৰী ভাৰতলৈ উভতি আহিছে। কিন্তু অঞ্চলটোৰ পৰিস্থিতি স্পৰ্শকাতৰ হৈয়েই আছে আৰু চৰকাৰে নিজৰ নাগৰিকৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে অহৰহ প্ৰচেষ্টা অব্যাহত ৰাখিছে।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande