
বৰপেটা, ০৪ এপ্ৰিল (হি.স.)। কলগাছিয়া ব্লক কংগ্ৰেছৰ কাৰ্যালয়ত সংবাদমেল সম্বোধন কৰি এআইচিচিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ মহিমা সিঙে বিদেশী বিতাড়নকে ধৰি কেইবাটাও বিষয়ত বিজেপি চৰকাৰক সমালোচনা কৰে। সংবাদমেলত কংগ্ৰেছ প্ৰাৰ্থী আব্দুল খালেককে ধৰি অন্যান্য নেতাসকলো উপস্থিত থাকে।
মহিমা সিঙে অভিযোগ কৰে যে বিজেপিয়ে কেৱল বিদেশী বিতাড়নৰ বিষয়ত ৰাজনীতি কৰিছে আৰু কোনো সুনিৰ্দিষ্ট পদক্ষেপ গ্ৰহণ কৰা নাই। ইউ পি এ চৰকাৰৰ দিনত ৮৮,৯৯২ জন লোকক বিতাড়িত হোৱাৰ বিপৰীতে বিজেপি চৰকাৰে ১১ বছৰত মাত্ৰ ৩,৯৩৯ জন লোকক বিতাড়ন কৰা বুলি দাবী কৰে। অসমত অনুপ্ৰৱেশ সন্দৰ্ভত উচতনিমূলক বক্তব্য প্ৰকাশ পোৱাৰ সময়তে উত্তৰ প্ৰদেশত বাংলাদেশী পৰিয়ালে বসতি স্থাপন কৰাৰ খবৰ ওলাইছে, যিয়ে বিজেপিৰ দ্বৈত মানদণ্ডক প্ৰতিফলিত কৰিছে বুলিও ব্যক্ত কৰে।
মহিমা সিঙে এন আৰ চিৰ তথ্য ৰাজহুৱা নকৰাৰ বাবে চৰকাৰক প্ৰশ্ন কৰি কয় যে বিজেপিয়ে ভয় আৰু বিভাজনৰ ৰাজনীতি চলাইছে। ৰাজ্যবাসীয়ে এইবাৰ এই ৰাজনীতি সলনি কৰাৰ সিদ্ধান্ত লৈছে বুলি দাবী কৰে এআইচিচিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ মহিমা সিঙে।
हिन्दुस्थान समाचार / অৰৱিন্দ