
তামুলপুৰ, ৩০ এপ্ৰিল (হি.স.): তামুলপুৰ জিলাৰ হাহকাটাত যোৱা কালি বুধবাৰে সন্ধিয়া এক ভয়াৱহ বাইক দুৰ্ঘটনা সংঘটিত হয় । প্ৰত্যক্ষ দৰ্শীৰ ভাষ্য অনুসৰি ধমধমাৰ এখন শিক্ষানুষ্ঠানৰ দুই ছাত্ৰই এএছ ১৭ জি ৫৯৪২ নম্বৰৰ পালচাৰ বাইকেৰে ঘৰ অভিমুখে গৈ থকা অৱস্থাত হাহকাটাতাত দুৰ্ঘটনা ত পতিত হয় ।
জানিব পৰামতে, তীব্ৰ বেগত অহা বাইক খনে প্ৰথমে পকী ওৱালত প্ৰচণ্ড জোৰেৰে খুণ্ডা মাৰি পুনৰ কাষৰ বৃক্ষ এডালত খুণ্ডা মাৰে । ফলত পকী ওৱল ভাঙি চুৰ্ণ বিচুৰ্ণ হোৱাৰ লগতে বাইক খনৰো ক্ষতি সাধন হয়। ইয়াৰ পিছতে স্থানীয় লোকে গুৰুতৰ ভাবে আহত দুই ছাত্ৰক সংকট জনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰায় । বাতৰি যুগুত কৰালৈকে ছাত্ৰ দুগৰাকীৰ জানিব পৰা হোৱা নাই ঠিকনা ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ