বঢ়মপুৰ বিদ্যালয়ত ছাত্ৰীৰ ব্যতিক্রমী বিহু
বঢ়মপুৰ বিদ্যালয়ত ছাত্ৰীৰ ব্যতিক্রমী বিহু।
বঢ়মপুৰ বিদ্যালয়ত ছাত্ৰীৰ ব্যতিক্রমী বিহু


নগাঁও, ৩০ এপ্ৰিল (হি.স.): ৰঙালীৰ ৰং ৰইছৰ মাজত নগাওঁ বঢ়মপুৰত এখন চৰকাৰী বিদ্যালয়ে ব্যতিক্ৰমী প্ৰচেষ্টাৰে পালন কৰিলে বিহু । বঢ়মপুৰ শ্বহীদ স্মৃতি আদৰ্শ উচ্চ মাধ্যমিক বালিকা বিদ্যালয়ত যোৱা কালি বুধবাৰে বিয়লি অনুষ্ঠিত কৰিলে বিহু । অধ্যয়নৰ লগতে ছাত্ৰী সকলে যাতে বৌদ্ধিক আৰু মানসিক বিকাশ তথা সংস্কৃতিৰ ওপৰতো জ্ঞান লাভ কৰে তাৰ বাবেই প্ৰত্যেক বছৰেই অনুষ্ঠিত কৰে এনে অনুষ্ঠান সমূহ ।

এই বৰ্ষটো ৰঙালী বিহু উপলক্ষে বিদ্যালয় খনত অনুষ্ঠিত কৰে বিহু অনুষ্ঠান । উক্ত অনুষ্ঠানত বিদ্যালয় খনৰ ছাত্ৰী সকলৰ মাজত বিহু নাচ, হুঁচৰি প্ৰতিযোগিতা আদিকে ধৰি বাপতি সাহোন বিহুটিনো কেনেদৰে উদযাপন কৰে তাৰ ওপৰতো ছাত্ৰী সকলক আভাস দিয়ে । বিদ্যালয় খনৰ এনে প্ৰচেষ্টাই অনাগত দিনত ছাত্ৰী সকলক শিক্ষাৰ লগতে সাংস্কৃতিক দিশত আগবাঢ়ি যোৱাত সহায় কৰিব । ছাত্ৰী সকলৰ লগতে নিজৰ শৈশৱক সুঁৱৰি এপাক কঁকাল ঘূৰালে বিদ্যালয় খনৰ শিক্ষয়িত্ৰী সকলেও।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande