নগাঁও জিলা প্ৰশাসনৰ হত্য়াকাণ্ডৰ তদন্তক লৈ চাহ জনজাতি ছাত্ৰ সন্থাৰ প্ৰশ্ন
নগাঁও জিলা প্ৰশাসনৰ তদন্তক লৈ প্ৰশ্ন উত্থাপন চাহ জনজাতি ছাত্ৰ সন্থাৰ।
নগাঁও জিলা প্ৰশাসনৰ হত্য়াকাণ্ডৰ তদন্তক লৈ চাহ জনজাতি ছাত্ৰ সন্থাৰ প্ৰশ্ন


নগাঁও, ৩০ এপ্ৰিল (হি.স.): নগাঁও জিলা প্ৰশাসনৰ এটি হত্য়াকাণ্ডৰ তদন্তক লৈ প্ৰশ্ন উত্থাপন কৰিছে চাহ জনজাতি ছাত্ৰ সন্থাই । জানুৱাৰী মাহতে সংঘটিত হোৱা এক হত্যা কাণ্ডৰ ৰহস্য ভেদ কৰিবলৈ আৰক্ষীয়ে তদন্তৰ কোনো গুৰুত্ব নাই বুলি অভিযোগ কৰে ।

উল্লেখ্য় যে কলিয়াবৰ সমজিলাৰ মিছা আৰক্ষীৰ অন্তৰ্গত কেলিডেন চাহ বাগানৰ লণ্ডন বস্তিত বস্তাত ভৰাই থোৱা অৱস্থাত উদ্ধাৰ হৈছিল ছিন্ন মুণ্ডৰ এটা অগ্নিদগ্ধ মৃতদেহ । কাষতে উদ্ধাৰ হৈছিল এখন দা আৰু মুণ্ডটো । নগাঁও জিলা প্ৰশাসন তথা কলিয়াবৰ সমজিলা প্ৰশাসনৰ এটা বৃহৎ দল উপস্থিত হৈছিল ঘটনা স্থলীত । চাহ অধ্যুষিত অঞ্চলটোত সংঘটিত হোৱা জঘন্য ঘটনাটোৰ আজি পৰ্যন্ত নোলাল মৃতদেহৰ প্ৰকৃত পৰিচয় । চিনাক্ত নহ'ল হত্যাকাৰী কোন।

মৰিকলঙত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ সমগ্ৰ ঘটনা সন্দৰ্ভত যি দৰে মূল অভিযুক্তক আটক কৰাৰ বাবে তৎপৰ হৈ পৰিছিল তাৰ বিপৰীতে তিনি মাহ পূৰ্বে সংঘটিত হোৱা এই হত্যা কাণ্ডৰ নাই কোনো গুৰুত্ব । তাকে লৈ ক্ষোভ ব্যক্ত কৰিছে অসম চাহ জনাজতি ছাত্ৰ সন্থাৰ কলিয়াবৰ শাখা সমিতিৰ সভাপতিয়ে । মূল্য নাই নেকি সাধাৰণ লোকৰ জীৱনৰ, মূল্য নাই নেকি চাহ অধ্যুষিত অঞ্চলৰ লোকৰ । সন্দেহ কৰিছে সেই মৃতদেহটো কোনোবা এজন চাহ শ্ৰমিকৰ হ’ব পাৰে । তাক লৈও প্ৰশ্ন উত্থাপন হৈছে এতিয়া । তদন্তত আৰক্ষীয়ে কি পালে জনোৱা হোৱা নাই নগাঁও প্ৰশাসনৰ তৰফৰ পৰা । এই ক্ষেত্ৰত পুনৰ ঘটনাৰ তদন্ত কৰিবলৈ আহ্বান জনাইছে চাহ জনজাতি ছাত্ৰ সন্থাৰ কলিয়াবৰ শাখাৰ কৰ্মীসকলে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande