
ওদালগুৰি, ৩০ এপ্ৰিল (হি.স.): অৰ্ধ নিৰ্মিত পথে জলাকলা খুৱাইছে টংলাৰ উদমাৰী গাঁৱৰ জনতাক । চাৰি বছৰে নিৰ্মাণৰ কাম সম্পূৰ্ণ নহ'ল উদমাৰী গাঁৱৰ পৰা টংলা - ভেৰগাঁও পথলৈ যোৱা সংযোগী পথ । ইয়াৰ ফলত দীৰ্ঘদিনে ব্যাহত যাতায়াত, দৈনিক বিকল হৈছে যান বাহন কিম্বা চাইকেল । এইক্ষেত্ৰত কানসাৰ নাই বিয়াগোম লোক নিৰ্মাণ বিভাগৰ । অৱশেষত অতিষ্ঠ হৈ ওলাই আহিল অঞ্চলটোৰ শ শ জনতা। অতি শীঘ্ৰেই পথ নিৰ্মাণৰ কাম সম্পূৰ্ণন কৰাৰ দাবী জনায় ক্ষোভিত ৰাইজে।
উল্লেখ্য় য পথটিত ভঙা শিল পেলাইয়ে পথ নিৰ্মাণৰ দায়িত্ব সামৰাৰ অভিযোগ ঠিকাদাৰ চিৰ্তন বিশ্বাসৰ বিৰুদ্ধে । উল্লেখ্য যে ২০২২-২৩ বৰ্ষতে মুখ্যমন্ত্ৰী পকী পথ নিৰ্মাণ আঁচনিৰ অধিনত ২ কোটি ৩৫ লাখ টকা ব্যয় সাপেক্ষে আৱণ্টন হৈছিল ওদালগুৰি জিলাৰ পূৰ্বৰ পানেৰি বৰ্তমানৰ ভেৰগাঁও বিধানসভা সমষ্টিৰ উদমাৰী গাঁৱৰ পৰা টংলা - ভেৰগাঁও ঘাইপথলৈ যোৱা সংযোগী পথ। প্ৰায় ২.৪ কিঃমিঃ দৈৰ্ঘ্যৰ পথ পকীকৰণৰ নিবিদা লাভ কৰিছিল ওদালগুৰি জিলাৰ খৈৰাবাৰীৰ ঠিকাদাৰ চিৰ্তন বিশ্বাসে । ঠিকাদাৰ বিশ্বাসে নিৰ্মাণৰ কাম আৰম্ভ কৰিলে ঠিকেই, কিন্তু আজি চাঁৰি বছৰে সম্পূৰ্ণ হৈ নুঠিল পথ কিম্বা কালভাৰ্ট । যা'ৰ ফলত নিতৌ স্কুল কলেজলৈ অহা যোৱা কৰা ছাত্ৰ ছাত্ৰীৰ লগতে অঞ্চলবাসীয়ে সন্মুখীন হৈছে বহু অসুবিধাৰ । অৰ্ধ নিৰ্মিত পথটিত পেলাই থোৱা ভঙা শিলৰ ফলত দৈনিক বিকল হৈছে যান - বাহন কিম্বা চাইকেল । সেয়েহে আজি পুৱাই অঞ্চলটোৰ শ শ পৰুষ মহিলাই ওলাই আহি পথটি শীঘ্ৰেই নিৰ্মাণ কৰি দিয়াৰ বাবে দাবী জনোৱাৰ লগতে বিভাগীয় অভিযন্তাক দৃষ্টি দিয়াৰ আহ্বান জনায় ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ