ধুবুৰীৰ ডঙেৰ পাৰত ভূৱা প্ৰমাণপত্ৰ ৰেকেটৰ বিৰুদ্ধে ধুবুৰী আৰক্ষীৰ বৃহৎ অভিযান
অভিযানত মাৰ্কশ্বিট বনোৱা কাগজ, কম্পিউটাৰ, প্ৰিন্টাৰ সহ বহু আপত্তিজনক বয় বস্তু জব্দ।
ধুবুৰীৰ ডঙেৰ পাৰত ভূৱা প্ৰমাণপত্ৰ ৰেকেটৰ বিৰুদ্ধে ধুবুৰী আৰক্ষীৰ বৃহৎ অভিযান


ধুবুৰী, ৩০ এপ্ৰিল (হি.স.):ধুবুৰীৰ ডঙেৰ পাৰত ভূৱা প্ৰমাণপত্ৰ ৰেকেটৰ বিৰুদ্ধে ধুবুৰী আৰক্ষীয়ে যোৱা কালি বুধবাৰে বিয়লি বৃহৎ অভিযান চলায়।অভিযানত মাৰ্কশ্বিট বনোৱা কাগজ, কম্পিউটাৰ, প্ৰিন্টাৰ সহ বহু আপত্তিজনক বয় বস্তু জব্দ কৰা হয়। এইবাৰ অভিযান চলিল এখন ভুৱা বিদ্যালয়ত। ঝগ্ৰাৰপাৰ তৃতীয় খণ্ডত থকা English Education Academy নামৰ বিদ্যালয়ত চলিল অভিযান।

অভিযোগ অনুসৰি দীৰ্ঘ দিনৰ পৰা HSLC,HS, BA, MA আৰু Bca, MBA ইত্যাদি ডিগ্ৰীৰ ভুৱা মাৰ্কশ্বিট বনাই বিভিন্ন জনৰ পৰা ১০ ৰ পৰা ১২ হাজাৰ টকাত বিক্ৰী কৰি আহিছিল ভুৱা মাৰ্কশ্বিট। ধুবুৰীৰ বিদ্যপাৰা লৰাৰ উচ্চতাৰ মাধ্যমিক বিদ্যালয়ত সাগৰ ঘোষ নামৰ যুৱক এজনে নাম ভৰ্ত্তি কৰাৰ সময়ত মাৰ্কশ্বিট খনক লৈ সন্দেহ উপজে কৰ্তৃপক্ষৰ। লগে লগে আৰক্ষীক খবৰ দিয়াত আৰক্ষীয়ে যুৱক জনক লৈ বিদ্যালয় খনত অভিযান চলায়। আটক হোৱা সাগৰ ঘোষৰ ভাষ্য বিবেক জৈন নামৰ ইউটিউবাৰৰ প্ৰমচন VDO দেখি এই বিদ্যালয়ত যোগাযোগ কৰিছিল মাৰ্কশ্বীটৰ বাবে। জাহিদুল হুচেইন নামৰ ষ্টাফ এজনে ১২,০০০ টকাৰ বিনিময়ত দিছিল ভুৱা মাৰ্কশ্বীট।অভিযানৰ সময়ত বিদ্যালয়ত থকা তিনিজন। কৈ মহিলা আৰু দুজন পুৰুষ ষ্টাফে পলাই পত্ৰং দিয়ে।অভিযানত বহু কেইটা ছিঙি পেলোৱা ভুৱা মাৰ্কশ্বিট, দুটা লেপটপ, এটা কম্পিউটাৰ, মাৰ্কশ্বীট বনোৱা কাগজ, প্ৰিন্টাৰৰ লগতে বহু আপত্তিজনক বয় বস্তু জব্দ কৰিছে।

ধুবুৰীৰ বিভিন্ন স্থানত এই ভুৱা স্কুলৰ আছে ব্ৰাঞ্চ। Yiutuber ল্ডিম্পু বৰুৱাও প্ৰমোচন কৰিছিলে এইখন বিদ্যালয়ৰ। টকাৰ বিনিময়ত মাৰ্কশ্বিট যোগান ধৰি ধুবুৰীত গঢ়ি তুলিছিল এক বিশাল শিক্ষাৰ কলা বজাৰ । এই বিদ্যালয়ৰ সৈতে জঢ়িত বহু ৰৌ বৰালী আৰক্ষীৰ কবলত পৰৰ সম্ভাৱনা আছে। এনে ধৰণৰ ভুৱা প্ৰতিষ্ঠানৰ বিৰুদ্ধে অভিযান এতিয়াও অব্যাহত আছে ধুবুৰীত।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande