
তামুলপুৰ, ৩০ এপ্ৰিল (হি.স.): তামুলপুৰত যোৱা কালি বুধবাৰ বিয়লি অৰণ্যানী ফাউণ্ডেচনৰ উদ্যোগত আৰু হোটেল ভাৰ্গৱ গোষ্ঠী আৰু জেন চাইনৰ সহযোগত বিশেষ অভিনন্দন অনুষ্ঠান অনুষ্ঠিত কৰা হয় । কৃতি ছাত্ৰ–ছাত্ৰীসকলক সম্বৰ্ধনা জনাবলৈ এই অনুষ্ঠানৰ আয়োজন কৰা হয়। তামুলপুৰ জিলাৰ নাগ্ৰীজুলিৰ অগ্ৰণী শিক্ষানুষ্ঠান খাটৰবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অৰণ্যানী ফাউণ্ডেচনে আয়োজন কৰা বিশেষ অভিনন্দন অনুষ্ঠানত অতিথি হিচাপে অংশগ্ৰহণ কৰে তামুলপুৰ জিলা উপ আৰক্ষী অধীক্ষকগৰাকীয়ে।
কৃতি ছাত্ৰ–ছাত্ৰীসকলক শুভেচ্ছা জনাই উপ আৰক্ষী অধীক্ষকগৰাকীয়ে কয় যে কৃৰ্তিমানসকল সামাজিকভাৱে দায়িত্বশীল হ'ব লাগিব । কৃৰ্তিমানসকল দেশৰ সম্পদ, জাতিৰ ভৱিষ্যত । তেওঁলোকে অধ্যয়নৰ জৰিয়তে একো একোজন সু-নাগৰিক আৰু মানৱ সম্পদ হিচাপে নিজক প্ৰতিষ্ঠিত কৰি আমাৰ সমাজখনক নেতৃত্ব দিব লাগিব। কীৰ্তিমানসকল সামাজিকভাৱে দায়িত্বশীল হ'ব লাগিব। তেতিয়াহে আমি ভৱিষ্যতে এখন সুস্থ সমাজ লাভ কৰিম।'
ইফালে নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি প্ৰবক্তা ড° এন কে আগৰৱালাই কয় যে, ছাত্ৰ-ছাত্ৰীসকলৰ লক্ষ্য যদিও স্থিৰ হয় তেন্তে প্ৰত্যাহ্বানে কেতিয়াবা তেওঁলোকক বিচলিত কৰিব নোৱাৰে। মানুহে নিজে নিজক তৈয়াৰ কৰিব পাৰে । ডাঙৰ মানুহ সহজে হ'ব পাৰি, কিন্তু ভাল মানুহ হ'বলৈ বহু সাধনাৰ প্ৰয়োজন। গতিকে তেওঁলোকে নিজকে ভাল মানুহ হ'বলৈ চেষ্টা কৰিব লাগে ।
অনুষ্ঠানটোত অৰণ্যানী ফাউণ্ডেচনৰ সভাপতি বিকাশ দাস পানিকা, সম্পাদক দ্বীপজ্যোতি শৰণীয়াকে ধৰি ভালেসংখ্যক গণ্যমান্য ব্যক্তি উপস্থিত থাকে। অনুষ্ঠানটোত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ১৩৮ গৰাকী কৃতী ছাত্ৰ-ছাত্ৰীক অভিনন্দন জনোৱা হয় ৷ অনুষ্ঠানত ছাত্ৰ-ছাত্ৰী, শিক্ষক আৰু অভিভাৱককে ধৰি প্ৰায় চাৰি শতাধিক লোক উপস্থিত থাকে ৷
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ