ইতিহাসত ১ মে’: শ্ৰমিক দিৱস
মে’ মাহৰ পহিলা দিনটো ইতিহাসত খোদিত হৈ আছে শ্ৰমিক দিৱস হিচাপে, যিটো দিন বিশ্বজুৰি শ্ৰমিকৰ অধিকাৰ আৰু সংগ্ৰামক স্মৰণ কৰা হয়। এই দিৱস উদযাপনৰ পৰম্পৰা ১৯ শতিকাৰ শ্ৰমিক আন্দোলনৰ সৈতে জড়িত। ইয়াক শ্ৰমিক দিৱস বুলিও জনা যায়। ঔদ্যোগিক বিপ্লৱৰ সময়ত শ্ৰম
सांकेतिक।


মে’ মাহৰ পহিলা দিনটো ইতিহাসত খোদিত হৈ আছে শ্ৰমিক দিৱস হিচাপে, যিটো দিন বিশ্বজুৰি শ্ৰমিকৰ অধিকাৰ আৰু সংগ্ৰামক স্মৰণ কৰা হয়। এই দিৱস উদযাপনৰ পৰম্পৰা ১৯ শতিকাৰ শ্ৰমিক আন্দোলনৰ সৈতে জড়িত। ইয়াক শ্ৰমিক দিৱস বুলিও জনা যায়।

ঔদ্যোগিক বিপ্লৱৰ সময়ত শ্ৰমিকসকলে বহু সময় কাম কৰিবলৈ বাধ্য হৈছিল আৰু তেওঁলোকৰ অধিকাৰ সীমিত আছিল। ১৮৭৭ চনৰ আশে-পাশে নিৰ্দিষ্ট কৰ্মৰ সময় আৰু উন্নত কৰ্ম পৰিস্থিতিৰ দাবীত আন্দোলন আৰম্ভ হয়, আৰু লাহে লাহে বহু দেশলৈ বিয়পি পৰে।

এই সংগ্ৰামখনে ১৮৮৬ চনৰ ১ মে’ত নিৰ্ণায়ক ৰূপ ধাৰণ কৰিছিল, যেতিয়া আমেৰিকাৰ লাখ লাখ শ্ৰমিকে একেলগে ধৰ্মঘট কৰিছিল। খবৰ অনুসৰি প্ৰায় ১১ হাজাৰ কাৰখানাৰ পৰা প্ৰায় ৩ লাখ ৮০ হাজাৰ শ্ৰমিকে এই ধৰ্মঘটত যোগদান কৰে। তেওঁলোকৰ প্ৰধান উদ্দেশ্য আছিল কৰ্মৰ সময় প্ৰতিদিনে আঠ ঘণ্টালৈ হ্ৰাস কৰা ।

এই ঐতিহাসিক আন্দোলনটোৱে শ্ৰমিকৰ অধিকাৰৰ উন্নতিৰ ক্ষেত্ৰত এক বৃহৎ টাৰ্নিং পইণ্ট হিচাপে প্ৰমাণিত হ’ল আৰু ইয়াৰ পৰাই ১ মে’ক শ্ৰমিক দিৱস হিচাপে পালন কৰাৰ পৰম্পৰা আৰম্ভ হ’ল। পিছলৈ এই দিৱসটোৱে আন্তৰ্জাতিক স্বীকৃতি লাভ কৰি বিশ্বৰ বহু দেশত চৰকাৰী বন্ধৰ দিন হিচাপে পালন কৰে।

আজি শ্ৰমিক দিৱস কেৱল উদযাপন নহয়, শ্ৰমিকৰ অধিকাৰ যেনে মান্য কৰ্মৰ সময়, উন্নত মজুৰি আৰু নিৰাপদ কৰ্ম পৰিৱেশৰ দৰে সংগ্ৰামৰ স্মৃতি। সমাজলৈ শ্ৰমিকৰ অৱদানক সন্মান জনোৱাৰ লগতে তেওঁলোকৰ অধিকাৰৰ প্ৰতি সজাগতা বৃদ্ধিৰ সুযোগো এই দিৱস।

গুৰুত্বপূৰ্ণ পৰিঘটনা

১৮৮৬ – আমেৰিকাৰ চিকাগোত শ্ৰমিকৰ কৰ্মৰ সময় নিৰ্ধাৰণৰ বাবে কৰা ধৰ্মঘটৰ ফলত শ্ৰমিক দিৱস উদযাপনৰ আৰম্ভণি হয়। ১৯৪৫ চনত ছোভিয়েট লাল সেনাবাহিনীয়ে বাৰ্লিনত প্ৰৱেশ কৰে।

১৮৯৭ – স্বামী বিবেকানন্দই ৰামকৃষ্ণ মিছন প্ৰতিষ্ঠা কৰে।

১৯০৮ – আজিৰ দিনটোতে প্ৰফুল্ল চাকিয়ে মুজাফ্ফৰপুৰ বোমা বিস্ফোৰণ সংঘটিত কৰি নিজকে গুলীয়াই হত্যা কৰে।

১৯১৪ – গাড়ী নিৰ্মাতা ফৰ্ডে নিজৰ কৰ্মচাৰীসকলৰ বাবে আঠ ঘণ্টাৰ কৰ্মদিন কাৰ্যকৰী কৰা প্ৰথমটো কোম্পানী হিচাপে পৰিগণিত হয়।

১৯২৩ – আজিৰ দিনটোতে ভাৰতত মে’ দিৱস পালন আৰম্ভ হয়।

১৯৫৬ – জোনাছ ছালকৰ দ্বাৰা প্ৰস্তুত কৰা পলিঅ’ ভেকচিন জনসাধাৰণৰ বাবে উপলব্ধ কৰা হয়।

১৯৬০ – মহাৰাষ্ট্ৰ আৰু গুজৰাট পৃথক ৰাজ্যত পৰিণত হয়।

১৯৭২ – দেশৰ কয়লা খনিসমূহ ৰাষ্ট্ৰীয়কৰণ হয়।

১৯৮৪ – আজিৰ দিনটোতে অক্সিজেন অবিহনে ফু ডৰ্জীয়ে মাউণ্ট এভাৰেষ্টত সফলতাৰে আৰোহণ কৰে।

১৯৯৩ – শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি ৰানাসিংহ প্ৰেমদাছাৰ বোমা বিস্ফোৰণত মৃত্যু হয়।

১৯৯৬ - ৰাষ্ট্ৰসংঘই আনুষ্ঠানিকভাৱে নিজকে দৰিদ্ৰ বুলি ঘোষণা কৰে।

১৯৯৮ – পোলেণ্ড, হাংগেৰী আৰু চেক গণৰাজ্যক নাটোৰ অন্তৰ্ভুক্তিৰ প্ৰস্তাৱ চেনেটত গৃহীত হয়।

১৯৯৯ – নেপালত মৃত্যুদণ্ড বিলুপ্ত কৰা হয়।

২০০০ – আন্তৰ্জাতিক আন্তঃসংসদ সংঘই পাকিস্তান, আইভৰি কোষ্ট আৰু চুডানক নিজ নিজ সংসদ ভংগ কৰাৰ বাবে সদস্যপদৰ পৰা নিলম্বন কৰে।

২০০১ - লস্কৰ-ই-তৈবা আৰু জয়ছ-ই-মহম্মদক আমেৰিকাই সন্ত্ৰাসবাদী সংগঠন হিচাপে নিযুক্তি দিয়ে, আৰু ভাৰতক আমেৰিকাৰ বিশেষ ৩০১ তালিকাত অন্তৰ্ভুক্ত কৰা হয়।

২০০২ - আমেৰিকাৰ অনুৰোধত ইজৰাইলে হেব্ৰনৰ পৰা সৈন্য প্ৰত্যাহাৰ কৰে।

২০০৩ – আমেৰিকান কূটনীতিবিদ পল ব্ৰমাৰক ইৰাকৰ প্ৰশাসক নিযুক্তি দিয়া হয়।

২০০৪ - ১০ খন নতুন ৰাষ্ট্ৰ ইউৰোপীয় সংঘত যোগদান কৰে।

২০০৫ – ছাদ্দাম হুছেইনে আমেৰিকাৰ চৰ্তসাপেক্ষ মুক্তিৰ প্ৰস্তাৱ নাকচ কৰে।

২০০৭ - ই এছ পি এনৰ এদিনীয়া ক্ৰিকেট ৰেংকিঙত ভাৰতে নৱম স্থান লাভ কৰে।

২০০৮ – ৰাষ্ট্ৰপতি প্ৰতিভা পাটিলে এলাহাবাদ উচ্চ ন্যায়ালয়ত ৭ জন নতুন ন্যায়াধীশ নিযুক্তি দিয়ে।

২০০৮ – পাকিস্তানৰ পৰা অহা এটা তালিবান সমৰ্থক সন্ত্ৰাসবাদী সংগঠনে উত্তৰ-পশ্চিম সীমান্ত প্ৰদেশৰ ডেৰা আদম খেলল চহৰ নিয়ন্ত্ৰণ কৰে।

২০০৮ - বেলাৰুছে ১০ জন আমেৰিকান কূটনীতিবিদক দেশ এৰি যাবলৈ নিৰ্দেশ দিয়ে।

২০০৯ – ছুইডেনে সমলিংগ বিবাহত অনুমোদন জনায়।

২০১১ – পাকিস্তানৰ এবটাবাদত ২০০১ চনৰ আমেৰিকাৰ আক্ৰমণৰ মাষ্টাৰমাইণ্ড ওছামা বিন লাডেনৰ মৃত্যু হোৱা বুলি নিশ্চিত হয়।

২০১৩ - প্ৰয়াত ৰমেশ ভাইৰ প্ৰতি শ্ৰদ্ধাঞ্জলি হিচাপে ৰমেশ ভাইৰ বাষষ্ঠি সংখ্যক জন্মদিন শ্ৰমিক দিৱস উপলক্ষে তাদিয়ানৱাৰ সৰ্বোদয় আশ্ৰমত অনুষ্ঠিত এক অনুষ্ঠানত ভাৰতকোষৰ ওপৰত বিশ্বব্যাপী পাঠক সমাজৰ বাবে উৎসৰ্গা কৰা হয়।

জন্ম

১৬৩২ – হাম্বিৰাও মোহিতে - মাৰাঠা সাম্ৰাজ্যৰ এজন সেনাপতি আছিল।

১৮৭২ – ৱাজিৰ হাছান - এজন বিশিষ্ট জাতীয়তাবাদী মুছলমান নেতা।

১৯০৯ – মহামায়া প্ৰসাদ সিনহা - এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু জল ক্ৰান্তি দলৰ সদস্য আছিল।

১৯১০ – নিৰঞ্জন নাথ ৱানচু - এজন জ্যেষ্ঠ প্ৰশাসনিক বিষয়া আৰু কেৰালা আৰু মধ্যপ্ৰদেশৰ প্ৰাক্তন ৰাজ্যপাল।

১৯১৩ – বলৰাজ সাহনী - এজন বিখ্যাত হিন্দী চলচ্চিত্ৰ অভিনেতা।

১৯২০ – মান্না দে - এগৰাকী বিখ্যাত গায়ক।

১৯২২ – আজিৰ দিনটোতে মধু লিমায়ে - এজন ভাৰতীয় ৰাজনীতিবিদ আৰু সমাজবাদী আন্দোলনৰ অন্যতম নেতা।

১৯২৬ – বাবা ইকবাল সিং - কিংৰা শিখ সম্প্ৰদায়ৰ এজন ভাৰতীয় সামাজিক-আধ্যাত্মিক নেতা আছিল।

১৯২৭ – শ্যাম লাল যাদৱ ভাৰতীয় জাতীয় কংগ্ৰেছৰ ৰাজনীতিবিদ আছিল।

১৯২৭ – নামৱৰ সিং - এজন বিখ্যাত হিন্দী কবি আৰু সমসাময়িক সমালোচক।

১৯৩২ - এছ এম কৃষ্ণ - ভাৰতীয় ৰাজনীতিবিদ।

১৯৪০ - অৰবিন্দ ডেভ - ভাৰতৰ চোৰাংচোৱা সংস্থা, গৱেষণা আৰু বিশ্লেষণ শাখা (RAW)ৰ প্ৰাক্তন সঞ্চালক।

১৯৫১ – ৰমেশ ভাই, সমাজ সংস্কাৰক আৰু সৰ্বোদয় আশ্ৰম, তাদিয়ানৱাৰ প্ৰতিষ্ঠাপক।

১৯৫৫ – আজিৰ দিনটোতে আনন্দ মহিন্দ্ৰা - প্ৰখ্যাত ভাৰতীয় উদ্যোগপতি আৰু ব্যৱসায়ী।

১৯৬০ – জগদীশ ব্যোম - সমসাময়িক ভাৰতীয় কবি আৰু সাহিত্যিক।

১৯৬১ – অজয় ভাট - ভাৰতীয় জনতা পাৰ্টিৰ ৰাজনীতিবিদ।

১৯৬৪ – নেক্ৰম শৰ্মা - ভাৰতৰ হিমাচল প্ৰদেশ ৰাজ্যৰ প্ৰখ্যাত কৃষক। ২০২৩ চনত ভাৰত চৰকাৰে কৃষিক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে পদ্মশ্ৰী সন্মানেৰে সম্বৰ্ধনা জনায়।

১৯৬৯ – অসমৰ ভাৰতীয় ৰাজনীতিবিদ হীৰা সাৰনিয়া।

১৯৮৬ – সন্দীপ কুমাৰ - ভাৰতীয় খেলুৱৈ।

মৃত্যু

১৮৮৮ – আজিৰ দিনটোতে প্ৰফুল্ল চন্দ্ৰ চাকী - স্বাধীনতা সংগ্ৰামী।

২০০৪ – ৰাম প্ৰকাশ গুপ্তা - ভাৰতীয় জনতা পাৰ্টিৰ বিশিষ্ট নেতা তথা উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী আৰু মধ্যপ্ৰদেশৰ ৰাজ্যপাল।

২০০৮ - নিৰ্মলা দেশপাণ্ডে - গান্ধীবাদী মতাদৰ্শৰ সৈতে জড়িত প্ৰখ্যাত মহিলা সমাজকৰ্মী।

২০২১ - বিক্ৰমজীত কানৱৰপাল - হিন্দী চলচ্চিত্ৰ অভিনেতা আছিল। তেওঁ বহু ধাৰাবাহিকত কাম কৰিছিল।

২০২১ - দেবু চৌধুৰী - ভাৰতৰ এগৰাকী প্ৰখ্যাত সীতাৰবাদক আছিল।

গুৰুত্বপূৰ্ণ অনুষ্ঠান

-মে' দিৱস (বিশ্ব শ্ৰমিক দিৱস)।

-মহাৰাষ্ট্ৰ প্ৰতিষ্ঠা দিৱস।

-গুজৰাট প্ৰতিষ্ঠা দিৱস

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande