
লখিমপুৰ, ০৩ এপ্ৰিল (হি.স.): লখিমপুৰৰ চিলনীবাৰীত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। চলন্ত ৰে’লত এগৰাকী যুৱতীক শিৰচ্ছেদ কৰাৰ ঘটনা সংঘটিত হৈছে । শিৰচ্ছেদ কৰি পলায়নৰ চেষ্টা চলায় এজন যুৱকে । নাওবৈচাৰ চিলনীবাৰী ৰে’ল ষ্টেচনত সংঘটিত হৈছে এই ঘটনা।
যুৱকজন পলায়নৰ চেষ্টা কৰোতে ৰাইজে কৰায়ত্ত কৰি চিলনীবাৰী আৰক্ষীক গতাই দিয়ে। উল্লেখ্য় যে ডেকাৰগাওঁ পৰা মূৰ্কংচেলেক অভিমুখী যাত্ৰীবাহী ৰে’লত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা। ইফালে এতিয়ালৈকে পৰিচয় উদ্ধাৰ হোৱা নাই যুৱতগৰাকীৰ । আনহাতে ধৃত যুৱকজনক আৰক্ষীয়ে সোধাপোছা অব্য়াহত ৰাখিছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ