
হোজাই, ০৩ এপ্ৰিল (হি.স.)। লামডিং সমষ্টিত ত্ৰিকোণীয়া আকৰ্ষণীয় নিৰ্বাচনী যুজ। নিৰ্দলীয় প্ৰাৰ্থী যশোদা দুলাল ৰক্ষিতে টোপনি হৰিছে বিজেপিৰ প্ৰাৰ্থী শিবু মিশ্ৰৰ। ৬৪ নং লামডিং সমষ্টিৰ বিজেপিৰ শক্তিশালী দাবীদাৰ আছিল যশোদা দুলাল ৰক্ষিত। বিজেপিৰ পৰা টিকট লাভ নকৰাৰ ক্ষোভত শক্তিশালী ৰূপত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে থিয় দিছে।
বৃহস্পতিবাৰে ৰেল চহৰ লামডিংৰ মা শীতলা মন্দিৰলৈ গৈ মাৰ আশীৰ্বাদ লোৱাৰ লগতে বিভিন্ন প্ৰান্তত নিৰ্বাচনী প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে ।
বৰ্তমান বিজেপিৰ পৰা বহিস্কৃত নেতা গৰাকীয়ে হিন্দু ভোট কাটি কংগ্ৰেছৰ মনোনীত প্ৰাৰ্থী স্বপন কৰক জয়লাভ হোৱাৰ সম্ভাৱনাৰ পথ পৰিলক্ষিত হৈছে বুলি একাংশ ৰাইজৰ অনুভৱ।
নিৰ্দলীয় প্ৰাৰ্থী গৰাকীয়ে কয় যে লামডিং সমষ্টিৰ দুই বাৰৰ বিধায়ক তথা (২০২৬) ত শিবু মিশ্ৰক বিজেপিৰ পৰা টিকট দিয়াত ক্ষোভ উজাৰি কয় যে বিগত দশ বছৰ ৰেল চহৰ খনত উন্নত চিকিৎসা, ঘৰে ঘৰে পানীও জলৰ ব্যৱস্থা, বজাৰত পাৰ্কিং, ৰেল আৰু জনসাধৰণৰ মাজত দীৰ্ঘ দিনীয়া মাটিৰ সমস্যাৰ লগতে আদি বিভিন্ন সমস্যাত জৰ্জৰিত হৈ থকা সমস্যাবোৰ সমাধান কৰাৰ প্ৰতিশ্ৰুতি দিয়ে নিৰ্দলীয় প্ৰাৰ্থী গৰাকীয়ে।
লগতে কয় যে শিবু মিশ্ৰৰ বিধায়ক থকাৰ দহটা বছৰ কালত ৰেল চহৰ খনত ক্ৰমাত বৃদ্ধি পাইছে ড্ৰাগছ সেৱন-সৰবৰাহকাৰীৰ সংখ্য়া।
জুবিন গাৰ্গৰ ন্যায় সন্দৰ্ভত কয় যে জুবিন গাৰ্গৰ ন্যায় হিমন্ত বিশ্ব শৰ্মা দিব নোৱাৰিব ন্যায় দিব আদালতে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা