
যোৰহাট, ০৩ এপ্ৰিল (হি.স.)। সমাগত বিধানসভা নিৰ্বাচন উপলক্ষে জোৰদাৰ হৈ পৰিছে প্ৰচাৰ অভিযান। ভোটাৰ ৰাইজক আকৰ্ষিত কৰিবলৈ সমষ্টিয়ে সমষ্টিয়ে অনুষ্ঠিত হৈছে সভা–সমিতি। যোৰহাটৰ মৰিয়নিতো জোৰদাৰ হৈ পৰিছে নিৰ্বাচনী পৰিৱেশ। দিন-ৰাতি একাকাৰ কৰি মৰিয়নিত তীব্ৰ প্ৰচাৰ চলাই গৈছে এনডিএ প্ৰাৰ্থী ৰূপজ্যোতি কুৰ্মীয়ে।
মুখ্যমন্ত্ৰীয়ে সকলোৰে দুখ বুজে বুলি উল্লেখ কৰি ৰূপজ্য়োতিয়ে চৰকাৰে গ্ৰহণ কৰা জনহিতমূলক আঁচনিসমূহৰ বিষয়ে আলোকপাত কৰে । সমষ্টিটোত পুনৰ জয়ী হ’ব বুলি উল্লেখ কৰি ৰূপজ্য়োতিয়ে কয় যে এম এল এ হোৱাৰ এটা কিটিপ আছে, সেইটো তেওঁ চিক্ৰেট ৰাখিছে। সমষ্টিত তেওঁৰ এটা নিদিষ্ট পৰিয়াল আছে যাৰ বাবে জিকি আহিছে বুলি উল্লেখ কৰি আকৌ জিকিম বুলি দৃঢ় বিশ্বাস ব্য়ক্ত কৰে ৰূপজ্যোতি কুৰ্মীয়ে।
---------------
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু