টীয়কত আটছাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকৰ সভা অনুষ্ঠিত
যোৰহাট, ০৩ এপ্ৰিল (হি.স.)। যোৰহাট জিলাৰ টীয়কত অসম চাহ জনজাতি ছাত্র সন্থা (আটছা)ৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকৰ সভা অনুষ্ঠিত হৈ যায়। আটছাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি জগদীশ বৰাইক, সাধাৰণ সম্পাদক সুনীল তিৰ্কীকে প্ৰমুখ্যে কৰি অসমৰ বিভিন্ন জিলাৰ কেন্দ্ৰীয়
টীয়কত আটছাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকৰ সভা অনুষ্ঠিত


যোৰহাট, ০৩ এপ্ৰিল (হি.স.)। যোৰহাট জিলাৰ টীয়কত অসম চাহ জনজাতি ছাত্র সন্থা (আটছা)ৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকৰ সভা অনুষ্ঠিত হৈ যায়।

আটছাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি জগদীশ বৰাইক, সাধাৰণ সম্পাদক সুনীল তিৰ্কীকে প্ৰমুখ্যে কৰি অসমৰ বিভিন্ন জিলাৰ কেন্দ্ৰীয় প্ৰতিনিধি উপস্থিতিত বৃহস্পতিবাৰে নিশা অনুষ্ঠিত এই বৈঠকত আগন্তুক বিধানসভা নিৰ্বাচনত আটছাৰ স্থিতি সম্পৰ্কত কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

বিজেপি, কংগ্ৰেছকে ধৰি বিভিন্ন ৰাজনৈতিক দলে চাহ জনগোষ্ঠীৰ লোকক প্ৰাৰ্থীত্ব দিছে যদিও প্ৰাৰ্থীৰ ব্যক্তিত্ব, নেতৃত্বকে ধৰি সকলো দিশ চাৰি জাৰি চাই সকলোকে বিবেক ভোট দিবলৈ আহ্বান জনাইছে আটছাই। পূৰ্বেও বহুসংখ্যক চাহ জনগোষ্ঠীৰ নেতা মন্ত্ৰী,বিধায়ক তথা জনপ্ৰতিনিধি হৈছে যদিও সময়ে সময়ে জনগোষ্ঠীটোৰ প্ৰতি বা অসমৰ প্ৰতি কৰণীয় কামবোৰ কৰাত ব্যৰ্থ হৈছে যাৰ বাবে এইবাৰ যি দলৰ হওক উপযুক্ত গুণসম্পন্ন ব্যক্তিৰ পক্ষতহে ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আহ্বান জনাইছে ৰাইজক।

ইপিনে নিৰ্বাচনত যিটো দলেই চৰকাৰ গঠন কৰে সেই দলে জনগোষ্ঠীটোৰ লগতে অসমৰ ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক ক্ষেত্ৰত অধিক গুৰুত্ব, নিৱনুৱা সমস্যা সমাধান আদি বিষয়ত গুৰুত্ব দিবলৈ দাবী জনাইছে আটছাই।

লগতে আন জনগোষ্ঠীৰ লগত চাহ জনগোষ্ঠীকো অতি শীঘ্ৰেই জনজাতিকৰণ কৰি সকলোকে ৰাজনৈতিক অধিকাৰ দিয়াৰ লগতে ভৱিষ্যতে চাহ উদ্যোগটো জীয়াই ৰাখিবলৈ চাহ নিলাম কেন্দ্ৰ কলকতাৰ ঠাইত গুৱাহাটীত স্থাপন কৰি চিণ্ডিকেটৰাজ অৱসান ঘটাবলৈ দাবী জনাইছে আটছাই l

---------------

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande