বজালী জিলাৰ সীমান্তবৰ্তী দলৈগাঁৱত ভয়ংকৰ পথ দূৰ্ঘটনা
বজালী জিলাৰ সীমান্তবৰ্তী দলৈগাওত ভয়ংকৰ পথ দূৰ্ঘটনা ।
বজালী জিলাৰ সীমান্তবৰ্তী দলৈগাঁৱত ভয়ংকৰ পথ দূৰ্ঘটনা


বৰপেটা, ০৩ এপ্ৰিল (হি.স.): বজালী জিলাৰ সীমান্তবৰ্তী দলৈগাঁৱত ভয়ংকৰ পথ দূৰ্ঘটনা সংঘটিত হৈছে । যাত্ৰীবাহী বাছে মহতিয়াই নিলে হজৰত আলি নামৰ বৃদ্ধ ব্যক্তি এগৰাকীক ।

ইফালে দূৰ্ঘটনা সংঘটিত কৰি এচ ২১ এচি ৩১৭৭ নম্বৰৰ বাছ খনে পলাবলৈ চেষ্টা কৰাৰ পিচতে স্থানীয় যুৱকে বাহনখন আৱদ্ধ কৰি পাটাছাৰকুছি আৰক্ষী চকীত গটাই দিয়ে । মৃত হজৰত আলিৰ ঘৰ বজালী জিলাৰ সীমান্তবৰ্তী দলৈগাঁৱত বুলি জানিব পৰা গৈছে । মৃত হজৰত আলিৰ বয়স প্ৰায় ৬৫বছৰ আছিল । ঘটনা সন্দৰ্ভত পাটাছাকুছি আৰক্ষীয়ে ইতিমধ্যে তদন্ত আৰম্ভ কৰি বাছ খন জব্দ কৰে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande