
দৰং, ০৩ এপ্ৰিল (হি.স.)। সমাগত বিধানসভা নিৰ্বাচন উপলক্ষে জোৰদাৰ হৈ পৰিছে প্ৰচাৰ অভিযান। দৰং জিলাৰ মাজবাটত ইউপিপিএলৰ প্ৰাৰ্থী ৰবিন্দ্ৰ বসুমতাৰীৰ হৈ দলটোৰ সভাপতি প্ৰমোদ বড়োৱে নিৰ্বাচনী প্ৰচাৰ চলায়। নিৰ্বাচনী সভাত প্ৰমোদ বড়োৱে কয় যে এইবাৰ ১২খন আসন দখলেৰে ইউপিপিএল দিছপুৰলৈ আহি আছে।
সম্প্ৰতি মুল্যবোধৰ ৰাজনীতিৰ অভাব হৈছে বুলি উল্লেখ কৰি সভাপতি প্ৰমোদ বড়োৱে কয় যে আনকি বিধান সভাতো বিভিন্ন জাতি জনগোষ্ঠীৰ সমস্যাবোৰ আলোচনা নহয়। সেয়েহে ইউপিপিএল দলে বিটিচিৰ পাচত এইবাৰ অসমৰ ১৪৪ টা জনগোষ্ঠীৰ হৈ কাম কৰিবলৈ অসম বিধান সভালৈ আহি আছে বুলি উল্লেখ কৰে প্ৰমোদ বড়োৱে।
বিধান সভা নিৰ্বাচনৰ ধামখুমীয়াৰ মাজতে আজি ৰৌতাত মাজবাট বিধান সভা সমষ্টিৰ ইউপিপিএল দলৰ মনোনীত প্ৰাৰ্থী ৰবিন্দ্ৰ বসুমতাৰীৰ হৈ প্ৰচাৰ অভিযান চলায় প্ৰাক্তন বিটিআৰ চীফ প্ৰমোদ বড়োৱে l
---------------
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু