খুমটাইৰ বিধায়ক মৃণাল শইকীয়াৰ নিৰ্বাচনী প্ৰচাৰ অব্যাহত
গোলাঘাট, ০৩ এপ্ৰিল (হি.স.)। সমাগত বিধানসভা নিৰ্বাচন উপলক্ষে জোৰদাৰ হৈ পৰিছে প্ৰচাৰ অভিযান। শাসক তথা বিৰোধী সকলোৱে নিজ নিজ সমষ্টিত ভোটাৰ ৰাইজক আকৃষ্ট কৰিবলৈ তৎপৰ হৈ পৰিছে। খুমটাইৰ বিধায়ক মৃণাল শইকীয়ায়ো অব্যাহত ৰাখিছে নিৰ্বাচনী প্ৰচাৰ। বিধা
খুমটাইৰ বিধায়ক মৃণাল শইকীয়াৰ নিৰ্বাচনী প্ৰচাৰ অব্যাহত


গোলাঘাট, ০৩ এপ্ৰিল (হি.স.)। সমাগত বিধানসভা নিৰ্বাচন উপলক্ষে জোৰদাৰ হৈ পৰিছে প্ৰচাৰ অভিযান। শাসক তথা বিৰোধী সকলোৱে নিজ নিজ সমষ্টিত ভোটাৰ ৰাইজক আকৃষ্ট কৰিবলৈ তৎপৰ হৈ পৰিছে। খুমটাইৰ বিধায়ক মৃণাল শইকীয়ায়ো অব্যাহত ৰাখিছে নিৰ্বাচনী প্ৰচাৰ।

বিধায়কগৰাকীয়ে সমষ্টিবাসী ৰাইজক ভোট বিচৰাৰ বিপৰীতে পহিলা ব'হাগত বিহু খাবলৈ আমন্ত্রণ জনাইছে সকলোকে । সভা-সমিতি-ভাষণৰ বিপৰীতে সহজ-সৰলভাৱেই জনতাৰ সৈতে অন্তৰংগ আলাপ কৰি গৈছে বিধায়ক গৰাকীয়ে । নৱগঠিত খুমটাই সমষ্টিৰ নামবৰ মণ্ডলৰ গাঁৱে গাঁৱে বিধায়কজনে লাভ কৰিছে ৰাইজৰ বিপুল সঁহাৰি । শ শ ৰাইজ স্বত:স্ফূৰ্তভাৱে ওলাই আহি উষ্ম আদৰণি জনাইছে মৃণাল শইকীয়াক ।

---------------

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande