বাক্সাৰ মানাহ বিধানসভা সমষ্টিৰ নিমুৱাত বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীৰ নিৰ্বাচনী প্ৰচাৰ
বাক্সা, ০৩ এপ্ৰিল (হি.স.)। সমাগত বিধানসভা নিৰ্বাচন উপলক্ষে জোৰদাৰ হৈ পৰিছে প্ৰচাৰ অভিযান। বাক্সাৰ মানাহ বিধানসভা সমষ্টিৰ নিমুৱাত আজি প্ৰচাৰ চলায় বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে । সমষ্টিটোৰ এনডিএ সমৰ্থিত বিপিএফৰ প্ৰাৰ্থী থানেশ্বৰ বসুমতাৰীৰ হৈ নিৰ্
বাক্সাৰ মানাহ বিধানসভা সমষ্টিৰ নিমুৱাত বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীৰ নিৰ্বাচনী প্ৰচাৰ


বাক্সা, ০৩ এপ্ৰিল (হি.স.)। সমাগত বিধানসভা নিৰ্বাচন উপলক্ষে জোৰদাৰ হৈ পৰিছে প্ৰচাৰ অভিযান। বাক্সাৰ মানাহ বিধানসভা সমষ্টিৰ নিমুৱাত আজি প্ৰচাৰ চলায় বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে । সমষ্টিটোৰ এনডিএ সমৰ্থিত বিপিএফৰ প্ৰাৰ্থী থানেশ্বৰ বসুমতাৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় হাগ্ৰামা মহিলাৰীয়ে। ভাষণত বিটিচিত শান্তি আৰু উন্নয়নেই হৈছে বিপিএফ দলৰ মূল উদ্দেশ্য বুলি মন্তব্য কৰে হাগ্ৰামা মহিলাৰীয়ে । বিটিচিত এশ শতাংশই মাটিৰ পট্টা দিব বুলিও প্ৰতিশ্ৰুতি দিয়ে হাগ্ৰামা মহিলাৰীয়ে।

ইফালে প্ৰচাৰ সভাৰ অন্তত সাংবাদিকৰে হোৱা সাক্ষাৎকাৰত কেবাটাও মন্তব্য কৰে হাগ্ৰামা মহিলাৰীয়ে । তেওঁ কয় যে মানাহকে ধৰি বিটিচিৰ আটাইকেইটা সমষ্টিতে এনডিএ হিচাপে জিকিব। লগতে ইউপিপিএলক তীব্ৰ সমালোচনা কৰে হাগ্ৰামা মহিলাৰীয়ে । প্ৰমোদ বড়োৰ কথা শুনি কাম কৰিলে মৰি যাব বুলিও কটাক্ষ কৰে বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে ।

---------------

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande