(আপডেট) দেৰগাঁও সমষ্টিৰ নাহৰনিত গৌৰৱ গগৈৰ লগতে লুৰিণজ্যোতি গগৈৰ নিৰ্বাচনী প্ৰচাৰ
গোলাঘাট, ০৩ এপ্ৰিল (হি.স.)। সমাগত বিধানসভা নিৰ্বাচন উপলক্ষে জোৰদাৰ হৈ পৰিছে প্ৰচাৰ অভিযান। সমষ্টিয়ে সমষ্টিয়ে ভোটাৰ ৰাইজক আকৃষ্ট কৰিবলৈ চলাই গৈছে তীব্ৰ প্ৰচাৰ অভিযান। ইয়াৰ মাজতে দেৰগাঁও সমষ্টিৰ নাহৰনিত আজি শুক্ৰবাৰে উপস্থিত হয়হি প্ৰদেশ কংগ্ৰেছৰ
(আপডেট) দেৰগাঁও সমষ্টিৰ নাহৰনিত গৌৰৱ গগৈৰ লগতে লুৰিণজ্যোতি গগৈৰ নিৰ্বাচনী প্ৰচাৰ


গোলাঘাট, ০৩ এপ্ৰিল (হি.স.)। সমাগত বিধানসভা নিৰ্বাচন উপলক্ষে জোৰদাৰ হৈ পৰিছে প্ৰচাৰ অভিযান।

সমষ্টিয়ে সমষ্টিয়ে ভোটাৰ ৰাইজক আকৃষ্ট কৰিবলৈ চলাই গৈছে তীব্ৰ প্ৰচাৰ অভিযান। ইয়াৰ মাজতে দেৰগাঁও সমষ্টিৰ নাহৰনিত আজি শুক্ৰবাৰে উপস্থিত হয়হি প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ লগতে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ । দেৰগাঁও সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী সাগৰিকা বৰাৰ হৈ প্ৰচাৰ চলাবলৈ উপস্থিত হয় দুয়োগৰাকী সভাপতি ।

কংগ্ৰেছৰ প্ৰাৰ্থী সাগৰিকা বৰাৰ হৈ প্ৰচাৰ চলাই লুৰিণজ্যোতি গগৈয়ে কয় এইবাৰ বিজেপিক ওফৰোৱাৰ বাবে ধুমুহা নহয় ছুনামি হ’ব । গতিকে ৯ তাৰিখে ভোটাৰ ৰাইজে উচিত শিক্ষা দিব । প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে কয় যে অসমত যদি প্ৰগতিশীল সমাজ বিচাৰে তেতিয়া দেৰগাঁও সমষ্টিত হাতৰ চিনত ভোট দি প্ৰাৰ্থী সাগৰিকা বৰাক জয়ী কৰাবৰ বাবে আহ্বান জনায় ।

ভাষণৰ প্ৰসংগত গৌৰৱ গগৈয়ে, 'আমাৰ চৰকাৰ আহিলে জুবিন গাৰ্গক ১০০ দিনৰ ভিতৰত ন্যায় দিম' বুলি মন্তব্য কৰে । দেৰগাঁৱৰ কংগ্ৰেছৰ প্ৰাৰ্থী সাগৰিকা বৰাৰ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি গৌৰৱ গগৈয়ে মুখ্য়মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধেও সৰৱ হৈ পৰে ।

---------------

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande