
গোলাঘাট, ০৩ এপ্ৰিল (হি.স.): গোলাঘাট জিলাৰ দেৰগাঁও সমষ্টিত কংগ্ৰেছৰ বিশাল নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত হয়। । এই সভাত উপস্থিত থাকে গৌৰৱ গগৈ সহিতে লুৰীণজ্যোতি গগৈ।
ভাষণ প্ৰসংগত মূখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কঠোৰ সমালোচনা কৰে গৌৰৱ গগৈয়ে । জুবিন দা'ৰ ন্যায় প্ৰসংগতো মন্তব্য কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে। আনহাতে ৰাজ্য়ত কংগ্ৰেছ মিত্ৰজোঁটৰ চৰকাৰ হ'লে ১০০ দিনৰ ভিতৰত জুবিনে ন্যায় পাব বুলিও দোহাৰে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ