হাইলাকান্দিত নিৰ্বাচনী জনসভাত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
হাইলাকান্দিত নিৰ্বাচনী জনসভাত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।
হাইলাকান্দিত নিৰ্বাচনী জনসভাত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা


হাইলাকান্দি, ০৩ এপ্ৰিল (হি.স.): হাইলাকান্দিত নিৰ্বাচনী জনসভাত উপস্থিত থাকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা । হাইলাকান্দি ১২১ নং সমষ্টিৰ বিজেপি প্ৰাৰ্থী মিলন দাসৰ হৈ প্ৰচাৰ চলালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । নাচি গাই নিৰ্বাচনী প্ৰচাৰ চলায় হিমন্ত বিশ্ব শৰ্মাই।

ইফালে হাইলাকান্দিত উপস্থিত হৈ হাইলাকান্দিৰ বাবে তিনিটা ডাঙৰ ঘোষণা কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। সেই অনুসৰি হাইলাকান্দি পৰা বিজেপি প্ৰাৰ্থী জয়ী হলে হাইলাকান্দিত ইজ্ঞিনিয়াৰিং কলেজ স্থাপন কৰা হ’ব লগতে এখন মেডিকেল কলেজ আৰু বিশ্ববিদ্যালয় স্থাপন কৰা হ’ব আৰু এখন কেন্সাৰ চিকিৎসালয়ও স্থাপন কৰা হ’ব। সভাত কংগ্ৰেছ প্ৰাৰ্থী ৰাহুল ৰায়ৰ বিৰুদ্ধেও সৰৱ হৈ পৰে মুখ্যমন্ত্ৰীগৰাকী । যি পুত্ৰ তেওঁৰ দেউতাৰ নহয় সি পুত্ৰ কেনেকৈ জনগণৰ হ’ব বুলি কয় মুখ্যমন্ত্ৰীয়ে । লগতে কয় এইবাৰ মহিলা উদ্যোমিতাৰ ২৫ হাজাৰকৈ টকা দিয়া হ’ব । প্ৰতিজন ৰেশন কাৰ্ড হিতাধিকাৰিক চাউল, ডাইল, চেনিৰ লগতে এইবাৰ মিঠাতেলো দিয়া হ’ব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande