কমলপুৰত এনডিএ ৰ প্ৰাৰ্থী দিগন্ত কলিতাৰ হৈ নিৰ্বাচনী প্ৰচাৰত ৰাষ্ট্ৰীয় অধ্যক্ষ নীতিন নবীন
কামৰূপ, ০৩ এপ্ৰিল (হি.স.)। এনডিএ ৰ কমলপুৰ বিধানসভা সমষ্টিৰ মনোনীত প্ৰাৰ্থী দিগন্ত কলিতাৰ হৈ নিৰ্বাচনী প্ৰচাৰত ৰাষ্ট্ৰীয় অধ্যক্ষ নীতিন নবীন। বিকাশ আৰু উন্নয়নৰ বাবে মোদী চৰকাৰে বিগত দহ বছৰে কাম কৰি আহিছে। চাহ বাগানৰ শ্ৰমিক সকলক ৫০০ টকাকৈ মজুৰি প্ৰ
কমলপুৰত এনডিএ ৰ প্ৰাৰ্থী দিগন্ত কলিতাৰ হৈ নিৰ্বাচনী প্ৰচাৰত ৰাষ্ট্ৰীয় অধ্যক্ষ নীতিন নবীন


কামৰূপ, ০৩ এপ্ৰিল (হি.স.)। এনডিএ ৰ কমলপুৰ বিধানসভা সমষ্টিৰ মনোনীত প্ৰাৰ্থী দিগন্ত কলিতাৰ হৈ নিৰ্বাচনী প্ৰচাৰত ৰাষ্ট্ৰীয় অধ্যক্ষ নীতিন নবীন।

বিকাশ আৰু উন্নয়নৰ বাবে মোদী চৰকাৰে বিগত দহ বছৰে কাম কৰি আহিছে। চাহ বাগানৰ শ্ৰমিক সকলক ৫০০ টকাকৈ মজুৰি প্ৰদান কৰিব ।

১৯৬২ চনত নেহেৰু চৰকাৰে উত্তৰ পূৰ্বাঞ্চলক এৰি দিছিল।

নেতৃত্বৰ নিৰ্ণয় সঠিক হ'লে দেশ প্ৰগতিৰ দিশে আগবাঢ়ি যায়। ৰাহুল বাবাই অসমৰ গামোচাক গণতন্ত্ৰ দিৱসৰ এক অনুষ্ঠানত অপমান কৰিছিল।

হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে ২২ লাখ গৰীবক বিনামূলীয়াকৈ আবাস গৃহ প্ৰদান কৰে। পৰৱৰ্তী বিজেপি নেতৃত্বাধীন চৰকাৰে নিৰ্বাচন ৰ পিছতেই ইউচিচি প্ৰবৰ্তন কৰিব বুলি উল্লেখ কৰে ৰাষ্ট্ৰীয় অধ্যক্ষ গৰাকীয়ে। লগতে অধ্যক্ষ গৰাকীয়ে ক্ষুৰধাৰ সমালোচনা কৰে কংগ্ৰেছ দলক।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande