
গোৱালপাৰা, ০৩এপ্ৰিল (হি.স.)। দুধনৈত উপস্থিত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ৷ ১৫ নং দুধনৈ বিধান সভা (জনজাতি) সমষ্টিৰ বিজেপি প্ৰাৰ্থী টংকেশ্বৰ ৰাভা আৰু ১৩ নং গোৱালপাৰা পশ্চিম বিধান সভা (জনজাতি) সমষ্টিৰ বিজেপি প্ৰাৰ্থী পবিত্ৰ ৰাভাৰ হৈ দুধনৈত নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ অমিত শ্বাহৰ ৷
মা কামাখ্যাক প্ৰণাম কৰি সভাত অমিত শ্বাহৰ বক্তব্য আৰম্ভ - কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা, প্ৰতিমা বৰুৱা পাণ্ডে, বিৰুবালা ৰাভাকো প্ৰণাম ! গোৱালপাৰা জিলাৰ মঠ মন্দিৰলৈ মূৰ দোৱাই কৰে প্ৰণাম ৷ কংগ্ৰেছ দলে নিৰ্বাচন খেলিব আহে কিন্তু জনজাতিৰ কল্যাণৰ কথা নকয় ৷ আদিবাসী মহিলাক ৰাষ্ট্ৰপতি নবনায় যিটো মোদীজিয়ে কৰে l
আদিবাসী, জনজাতিৰ কলা সংস্কৃতি, সংগীত নৃত্যক বিশ্ব দৰবাৰলৈলৈ যাবলৈ কাম কৰে মোদী জীয়ে l অনুপ্ৰবেশকাৰীক বাধা দিব লাগে নে নাই ? এনডিএ চৰকাৰে এই কাম কৰি আছে I তৃতীয় বাৰ বি জে পি চৰকাৰ বনাওক l বিচাৰি বিচাৰি অনুপ্ৰবেশকাৰীক পঠিয়াই দিয়া হব l দুবাৰ চৰকাৰ হল, সময় কিছু কম হল, কিন্তু চিনাক্ত কৰা হৈ গৈছে l এটা বছৰত খেদা কাম কৰা হব l
২০১৬ৰ পিছত পৰিবৰ্তন আহে, ২০১৯ৰ পিছত ইয়াত শান্তি আহিল l এতিয়া অসমত কতো বোমা বাৰুদ নাই অশান্তি নাই l গোৱালপাৰা জিলাত ভুলতেও যদি এখন আসনত কংগ্ৰেছ জিকি যায় সৰ্বনাশ হব l আমি অসমীয়া সংস্কৃতিক আগলৈ লৈ যাম l
আপুনি মোদী আৰু হিমন্ত বিশ্বক চৰকাৰ বনাই দিয়ক অসমত ইউচিচি বনাই দিম I ৰাভা কাৰ্বি, মিচিং ডিমাচাকে ধৰি ছয় ভাষাক স্কুলত অন্তৰ্ভুক্ত কৰা হৈছে, অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰ স্বীকৃতি দিয়া হৈছে I ডেৰ লাখ একৰ ভূমি বেদখল কৰিছে I সৰু কৃষক বা মধ্যমীয়া কৃষকক ৬ হাজাৰ দিয়া হয়, এতিয়া ১১ হাজাৰকৈ পাব I ট্ৰেক্টৰ কিনিবলৈ ৩ লাখ চাৱচিডি, পাৱাৰ টিলাৰৰ বাবে ৫০ হাজাৰ চাবচিডি দিয়া হব I
মহিলা সকলক মাহিলী ৩ হাজাৰকৈ টকা মোদীজীয়ে দিব I কংগ্ৰেছে কিবা কৰিব পাৰিব নে I ১০ বছৰত কি কৰিলে !গতিকে এটাও ভোট যাতে কংগ্ৰেছত নপৰে ৰাইজ সজাগ হৈ থাকিব I
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা