শুৱালকুছিত এআইচিচি ৰ মহিলা সভানেত্ৰী অলকা লাম্বাৰ নিৰ্বাচনী প্ৰচাৰ
কামৰূপ, ০৩ এপ্ৰিল (হি.স.)। শুৱালকুছিত সৰ্বভাৰতীয় কংগ্ৰেছ কমিটিৰ মহিলা সভানেত্ৰী অলকা লাম্বা। কংগ্ৰেছৰ প্ৰাৰ্থী নন্দিতা দাসৰ হৈ ব্যাপক নিৰ্বাচনী প্ৰচাৰ সভানেত্ৰী গৰাকীৰ। কংগ্ৰেছৰ নিৰ্বাচনী প্ৰচাৰ ৰেলীত শুনা গ’ল জয় জুবিন দা ধ্বনি। হাজো-শুৱালকুছি সম
শুৱালকুছিত এআইচিচি ৰ মহিলা সভানেত্ৰী অলকা লাম্বাৰ নিৰ্বাচনী প্ৰচাৰ


কামৰূপ, ০৩ এপ্ৰিল (হি.স.)। শুৱালকুছিত সৰ্বভাৰতীয় কংগ্ৰেছ কমিটিৰ মহিলা সভানেত্ৰী অলকা লাম্বা। কংগ্ৰেছৰ প্ৰাৰ্থী নন্দিতা দাসৰ হৈ ব্যাপক নিৰ্বাচনী প্ৰচাৰ সভানেত্ৰী গৰাকীৰ। কংগ্ৰেছৰ নিৰ্বাচনী প্ৰচাৰ ৰেলীত শুনা গ’ল জয় জুবিন দা ধ্বনি। হাজো-শুৱালকুছি সমষ্টিৰ আজ্ঞাঠুৰিৰ পৰা মটৰ চাইকেল ৰেলীৰে বংশৰ , দদৰা , গন্ধমৌ , শিঙিমাৰী , পছৰীয়া , আদিকে ধৰি শুৱালকুছি অঞ্চলত ব্যাপক নিৰ্বাচনী প্ৰচাৰ চলায়।

তেওঁ নিৰ্বাচনী প্ৰচাৰৰ মাজতে মূখ্যমন্ত্ৰী আৰু বিজেপিক তীব্ৰ সমালোচনা কৰে। ৯ এপ্ৰিলত হবলগীয়া বিধান সভাৰ নিৰ্বাচনত কংগ্ৰেছৰ ৰ প্ৰাৰ্থী নন্দিতা দাসক ভোট দিবলৈ আহ্বান জনায়। আনহাতে , জুবিন গাৰ্গৰ ন্যায়ৰ সন্দৰ্ভতো তেওঁ মন্তব্য কৰে। আনহাতে , বস্ত্ৰনগৰী শুৱালকুছিত নিৰ্বাচনী প্ৰচাৰৰ মাজতে পাট মুগাৰ বস্ত্ৰ শিল্পৰ সন্দৰ্ভত বুজ লোৱাৰ লগতে ক্ৰয় কৰে পাট কাপোৰ।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande