তৃণমূল কংগ্ৰেছৰ সাংসদ মহুৱা মৈত্ৰাৰ বিৰুদ্ধে দিল্লী চাইবাৰ আৰক্ষী থানাত এজাহাৰ দাখিল
কলকাতা, ২৯ এপ্ৰিল (হি.স.)। দিল্লীৰ মন্দিৰ মাৰ্গ চাইবাৰ আৰক্ষী থানাত তৃণমূল কংগ্ৰেছৰ সাংসদ মহুৱা মৈত্ৰাৰ বিৰুদ্ধে লিখিত অভিযোগ দাখিল কৰা হৈছে। ইয়াত অভিযোগ কৰা হৈছে যে তেওঁ ছ’চিয়েল মিডিয়াত এটা কথিত ভুৱা ভিডিঅ’ শ্বেয়াৰ কৰি ভাৰতীয় আৰক্ষী সেৱাৰ বিষ
अजय पाल शर्मा और तृणमूल सांसद महुआ मोइत्रा


शिकायत कॉपी


কলকাতা, ২৯ এপ্ৰিল (হি.স.)। দিল্লীৰ মন্দিৰ মাৰ্গ চাইবাৰ আৰক্ষী থানাত তৃণমূল কংগ্ৰেছৰ সাংসদ মহুৱা মৈত্ৰাৰ বিৰুদ্ধে লিখিত অভিযোগ দাখিল কৰা হৈছে। ইয়াত অভিযোগ কৰা হৈছে যে তেওঁ ছ’চিয়েল মিডিয়াত এটা কথিত ভুৱা ভিডিঅ’ শ্বেয়াৰ কৰি ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া অজয় পাল শৰ্মাৰ ভাবমূৰ্তি কলংকিত কৰাৰ চেষ্টা কৰিছিল।

অভিযোগকাৰী অভিষেক ডুবেৰ দাবী, সম্ভৱতঃ কৃত্ৰিম বুদ্ধিমত্তা (AI) প্ৰযুক্তিৰ সহায়ত এই ভিডিঅ’টো নিৰ্মাণ কৰা হৈছে। ইয়াৰ উদ্দেশ্য হ’ব পাৰে ভুল তথ্য প্ৰচাৰ কৰা আৰু নিৰ্বাচনী পৰিৱেশত প্ৰভাৱ পেলোৱা। সংশ্লিষ্ট ছ’চিয়েল মিডিয়া প্লেটফৰ্মৰ পৰা ভিডিঅ’টো আঁতৰাবলৈও অনুৰোধ জনাইছে ডুবেয়ে।

তৃণমূল কংগ্ৰেছ অথবা সাংসদ মহুৱা মৈত্ৰাই এতিয়াও কোনো আনুষ্ঠানিক সঁহাৰি দিয়া নাই।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande