জুবিন গৰ্গ হত্যাকাণ্ড: মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ বেংক একাউণ্ট জব্দৰ নিৰ্দেশ
গুৱাহাটী, ২৯ এপ্ৰিল (হি.স.)। অসম মাতৃৰ প্ৰিয়তম সন্তান জনপ্ৰিয় গায়ক জুবিন গাৰ্গ হত্যাকাণ্ডৰ তদন্তৰ মাজতে এক গুৰুত্বপূৰ্ণ ব্যৱস্থা গ্ৰহণ কৰা হৈছে । বিশেষ ফাষ্ট ট্ৰেক আদালতে জুবিনৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ বেংক একাউণ্টসমূহ জব্দ কৰাৰ নিৰ্দেশ দিছে । আ
सिद्धार्थ शर्मा


গুৱাহাটী, ২৯ এপ্ৰিল (হি.স.)। অসম মাতৃৰ প্ৰিয়তম সন্তান জনপ্ৰিয় গায়ক জুবিন গাৰ্গ হত্যাকাণ্ডৰ তদন্তৰ মাজতে এক গুৰুত্বপূৰ্ণ ব্যৱস্থা গ্ৰহণ কৰা হৈছে । বিশেষ ফাষ্ট ট্ৰেক আদালতে জুবিনৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ বেংক একাউণ্টসমূহ জব্দ কৰাৰ নিৰ্দেশ দিছে ।

আদালতে লগতে নিৰ্দেশ দিছে যে সিদ্ধাৰ্থ শৰ্মাৰ সৈতে লেনদেন কৰা কেইবাজনো ব্যক্তিৰ বেংক একাউণ্টো জব্দ কৰা হওক। এই পদক্ষেপটো ঘটনাটোৰ আৰ্থিক তদন্ত অধিক শক্তিশালী কৰাৰ দিশত গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে।

ইয়াৰ উপৰিও আদালতে সিদ্ধাৰ্থ শৰ্মাৰ মালিকানাধীন “মহাবীৰ একুৱা” প্ৰতিষ্ঠানটোও জব্দ কৰাৰ নিৰ্দেশ জাৰি কৰিছে।

উল্লেখযোগ্য যে, এই গোচৰৰ শুনানিৰ বাবে উচ্চ ন্যায়ালয়ে ফাষ্ট ট্ৰেক আদালতক দায়িত্ব অৰ্পণ কৰিছিল। বিগত কেইদিন ধৰি চলি থকা শুনানিৰ পিছত আজি আদালতে এই গুৰুত্বপূৰ্ণ নিৰ্দেশ প্ৰদান কৰে।

উল্লেখযোগ্য যে, জুবিন গাৰ্গ হত্যাৰ অভিযোগত সিদ্ধাৰ্থ শৰ্মা বৰ্তমানে কাৰাগাৰত আছে। তেওঁৰ জামিন আবেদন সন্দৰ্ভত শুনানি চলি থকাৰ মাজতে মঙলবাৰে ফাষ্ট ট্ৰেক আদালতে এই ৰায় ২ মে’লৈ সংৰক্ষিত ৰাখিছে।

----------

হিন্দুস্থান সমাচাৰ / শ্ৰীপ্ৰকাশ


 rajesh pande