
- ইভিএমসমূহত বন্দী ১৪২খন আসনৰ বাবে ১৪৪৮জন প্ৰাৰ্থীৰ ৰাজনৈতিক ভৱিষ্যত
কলকাতা, ২৯ এপ্ৰিল (হি.স.)। পশ্চিম বংগ বিধানসভাৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত বিক্ষিপ্ত হিংসা আৰু উত্তেজনাৰ মাজত অভিলেখ সৃষ্টিকাৰী ভোটদানৰ পিছত দ্বিতীয় আৰু অন্তিম পৰ্যায়তো বাম্পাৰ ভোটিং দেখা গৈছে। সন্ধিয়া ৫ বজালৈকে ৰাজধানী কলকাতাকে ধৰি দক্ষিণ বংগৰ সাতখন জিলাৰ ১৪২খন আসনৰ বাবে ৮৯.৯৯ শতাংশ ভোটাৰৰ ভোটদানৰ হাৰ পোৱা যায়।
নির্বাচন আয়োগে প্রকাশ কৰা তথ্য অনুসৰি পূৱ বর্ধমানত সর্বাধিক ৯২.৪৬ শতাংশ ভোটদান হোৱাৰ বিপৰীতে কলকাতা দক্ষিণত সর্বনিম্ন ভোটদানৰ হাৰ আছিল ৮৬.১১ শতাংশ৷ হুগলী জিলাত ৯০.৩৪ শতাংশ, হাওৰাত ৮৯.৪৪ শতাংশ আৰু কলকাতা উত্তৰত ৮৭.৭৭ শতাংশ ভোটদান হৈছে। ইফালে, নদিয়া জিলাত ৯০.২৭ শতাংশ, উত্তৰ ২৪ পৰগনাত ৮৯.৭৪ শতাংশ, আৰু দক্ষিণ ২৪ পৰগনাত ৮৯.৫৭ শতাংশ ভোটদানৰ হাৰ লাভ কৰা হৈছে৷
দ্বিতীয় আৰু অন্তিম পৰ্যায়ত ইভিএমত মুঠ ১৪৪৮জন প্ৰাৰ্থীৰ ৰাজনৈতিক ভৱিষ্যত ছীল কৰা হয়। এই পৰ্যায়ত কেইবাগৰাকীও হেভিৱেট প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। ভৱানীপুৰৰ আসনত মুখামুখি হৈছে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী আৰু বিৰোধী দলপতি সুভেন্দু অধিকাৰী। ইয়াৰ উপৰিও ৰাজ্যৰ মন্ত্ৰী ফিৰহাদ হাকিম, অৰূপ বিশ্বাস, জাভেদ খান, সুজিত বসু আৰু শশী পাঞ্জাৰ লগতে মমতা বেনাৰ্জী চৰকাৰৰ আন কেইবাজনো মন্ত্ৰী, বংগ কংগ্ৰেছৰ সভাপতি সুভংকৰ সৰকাৰ আৰু ফায়াৰব্ৰেণ্ড চি পি আই (এম) নেতা মীনাক্ষী মুখাৰ্জী আৰু দীপসিতা ধৰ অন্তৰ্ভুক্ত কৰা হৈছে। আৰ জি কৰ হাস্পতালত ধৰ্ষণ কৰি হত্যা কৰা যুৱতী চিকিৎসকগৰাকীৰ মাতৃ ৰত্ন দেৱনাথ আৰু সন্দেশখালী আন্দোলনৰ মুখ ৰেখা পাত্ৰও ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী।
দক্ষিণ বংগৰ সাতখন জিলা - কলকাতা, হাওৰা, উত্তৰ ২৪ পৰগনা, দক্ষিণ ২৪ পৰগনা, হুগলী, নাদিয়া আৰু পূৱ বৰ্ধমানত বিস্তৃত ১৪২টা সমষ্টিত কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰা হয়। ৰাজ্যৰ আৰক্ষী আৰু কেন্দ্ৰীয় বাহিনীৰ লগতে ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাইও দিনটো ভোটগ্ৰহণ প্ৰক্ৰিয়াৰ ওপৰত নজৰ ৰাখিছিল। কেন্দ্ৰীয় বাহিনীৰ ২,২৩১টা কোম্পানী বা দুই লাখৰো অধিক জোৱানক ভোটগ্ৰহণ কৰা অঞ্চলসমূহত মোতায়েন কৰা হৈছিল। কেন্দ্ৰীয় বাহিনীৰ সৰ্বাধিক ২৭৪টা কোম্পানী ৰাজধানী কলকাতাত নিয়োজিত হৈছিল। পূর্ব বর্ধমান জিলাত ২৬৩টা কোম্পানী নিয়োগ হোৱাৰ বিপৰীতে হুগলী (গ্ৰাম্য) অঞ্চলত ২৩৬টা কোম্পানী নিয়োগ কৰা হয়৷ ইয়াৰ লগতে প্ৰায় ৪০ হাজাৰ আৰক্ষীক নিৰ্বাচনী কৰ্তব্যত নিয়োগ কৰা হয়।
কিন্তু কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা থকাৰ পাছতো কেইবাটাও স্থানৰ পৰা হিংসা আৰু অশান্তিৰ খবৰ ওলাইছিল। নদিয়া জিলাৰ চাপৰা বিধান সভা সমষ্টিৰ ৫৩ নং বুথ পৰিদৰ্শন কৰি থকা অৱস্থাত বিজেপিৰ এজেণ্ট মুশ্বাৰফ মিৰক আক্ৰমণ কৰা হয়। ভৱানীপুৰ বিধানসভা সমষ্টিৰ কালিঘাটত তৃণমূলৰ কৰ্মী আৰু সমৰ্থকে সুবেন্দু অধিকাৰীক ঘেৰি ধৰি বুথ পৰিদৰ্শন কৰি চোৰ, চোৰ ধ্বনি দিবলৈ আৰম্ভ কৰে। বিজেপি সমৰ্থকে জয় শ্ৰী ৰাম শ্লোগানেৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। পৰিস্থিতি তীব্ৰতৰ হোৱাৰ লগে লগে আৰক্ষীয়ে লাঠিচালনাৰ আশ্ৰয় লয়। ভৱানীপুৰৰ চুবুৰীয়া বিধান সভা সমষ্টি ৰাসবিহাৰীত কংগ্ৰেছৰ ভোটগ্ৰহণকাৰী এজেণ্টক বুথত প্ৰৱেশ কৰাত বাধা প্ৰদান কৰা হয়। তৃণমূলৰ প্ৰাক্তন বিধায়ক তথা প্ৰখ্যাত বাঙালী চলচ্চিত্ৰ অভিনেতা চিৰঞ্জীত চক্ৰৱৰ্তীয়ে ইভিএমৰ বিজুতিৰ বাবে ভোটদান কৰিব নোৱাৰিলে। পুৱাতে কলকাতাৰ চাৰুচন্দ্ৰ মহাবিদ্যালয়ৰ ভোটগ্ৰহণ কেন্দ্ৰত উপস্থিত হৈছিল, য’ত কাৰিকৰী সমস্যাৰ বাবে পলমকৈ ভোটদান আৰম্ভ হৈছিল।
উজনি ২৪ পৰগনা জিলাৰ ভাংগাৰ অঞ্চলত দিনটোৰ ভিতৰতে পৰিস্থিতি উত্তেজিত হৈ থাকে। আই এছ এফৰ নেতা নৌছাদ ছিদ্দিকীৰ বিৰুদ্ধে শ্লোগানেৰে উত্তেজনা আৰু অধিক ভয়াৱহ হৈ পৰে। ৰাইজক নিয়ন্ত্ৰণ কৰি পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে লাঠী চাৰ্জৰ আশ্ৰয় ল’বলগীয়া হৈছিল। বসন্তী বিধান সভা সমষ্টিৰ ৭৬ নম্বৰ বুথত বিজেপি প্ৰাৰ্থী বিকাশ চৰ্দাৰক আক্ৰমণৰ অভিযোগ। ইফালে ডাইমণ্ড হাৰ্বাৰৰ ফালটা অঞ্চলত ইভিএমত টেপিঙৰ অভিযোগে ৰাজনৈতিক উত্তেজনা বৃদ্ধি কৰে। বিজেপিয়ে এখন ছবি শ্বেয়াৰ কৰি অভিযোগ উত্থাপন কৰে যে যিবোৰ বুটামত টেপটো লগোৱা হৈছিল সেইবোৰত বিজেপিৰ প্ৰাৰ্থীৰ নিৰ্বাচনী চিহ্ন তিনি নম্বৰত আৰু চিপিআই(এম)ৰ নিৰ্বাচনী চিম্বল চাৰি নম্বৰত আছে। ইয়াৰ বাবে তৃণমূলক দোষাৰোপ কৰি বিজেপিয়ে পুনৰ নিৰ্বাচনৰ দাবী জনায়।
ইয়াৰ উপৰিও ইভিএমৰ কাৰিকৰী ত্ৰুটিৰ বাবে হাওৰাৰ বালি আৰু উত্তৰ ২৪ পৰগনাৰ বৰাছাট, হাবৰা, কল্যাণী, আৰু শান্তিপুৰকে ধৰি কেইবাটাও অঞ্চলত ভোটদান পলমকৈ আৰম্ভ হয়। অৱশ্যে ভোটগ্ৰহণ ক্ষেত্ৰসমূহৰ পৰা কোনো বৃহৎ হিংসাত্মক ঘটনা সংঘটিত হোৱা নাই।
ইফালে, কলকাতাত মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে পুৱাই কালিঘাটৰ বাসগৃহৰ পৰা চেতলা আৰু পদ্মপুকুৰ ৰোড অঞ্চলত ভোটদানৰ তদাৰক কৰিবলৈ ওলাই যায়। সংবাদ মাধ্যমৰ আগত মমতাই ভোটদান প্ৰক্ৰিয়াৰ সময়ত বাহিৰৰ পৰ্যবেক্ষকৰ ভূমিকাক লৈ প্ৰশ্ন উত্থাপন কৰি কয় যে একাংশ বাহিৰৰ লোকে ভোটাৰৰ মাজত ভয়ৰ পৰিৱেশ সৃষ্টি কৰিবলৈ চেষ্টা চলাইছে। লগতে নিৰ্বাচন আয়োগক পক্ষপাতিত্বৰ অভিযোগ উত্থাপন কৰি কয় যে ৰাজ্যৰ প্ৰশাসনিক বিষয়াসকলক আলোচনা অবিহনে বদলি কৰা হৈছে। মমতা বেনাৰ্জীয়ে কয়, ৰাজ্যৰ বাহিৰৰ পৰা বহু পৰ্যবেক্ষক আহিছে। এইসকলে বিজেপিৰ নিৰ্দেশত কাম কৰি আছে। আদালতৰ নিৰ্দেশ পালন কৰা নাই। আমি আদালত অৱমাননাৰ জাননী প্ৰেৰণ কৰিছো, তথাপিও বহু বাহিৰৰ পৰ্যবেক্ষক ইয়ালৈ অনা হৈছে।
আনহাতে, বিৰোধী নেতা সুভেন্দু অধিকাৰীয়ে মমতা বেনাৰ্জীক পুৱাই বুথ পৰিদৰ্শন কৰাৰ বাবে সমালোচনা কৰি কয় যে তেওঁ “চাপত” খেলপথাৰত প্ৰৱেশ কৰিছে। তেওঁ কয় যে নেতাসকলে চাপ অবিহনে এনে পদক্ষেপ গ্ৰহণ নকৰে। ভৱানীপুৰৰ আসনত মমতা বেনাৰ্জীৰ বিৰুদ্ধে বিজয় দাবী কৰি সুভেন্দুৱে কয় যে মুখ্যমন্ত্ৰীগৰাকীয়ে ৩০ হাজাৰ ভোটত পৰাস্ত হ’বলৈ গৈ আছে। এই নির্বাচনত অভিলেখ ভোটাৰৰ ভোটদান সন্দর্ভত ৰাজনৈতিক বিশ্লেষকসকলৰ মতামত ভিন্ন৷ কোনোৱে ইয়াক ৰাজনৈতিক স্থিতিশীলতাৰ চিন বুলি অভিহিত কৰিছে, আন কোনোৱে ইয়াক পৰিৱৰ্তনৰ চিন বুলি গণ্য কৰিছে।
মন কৰিবলগীয়া যে প্ৰথম পৰ্যায়ৰ বিধানসভা নিৰ্বাচনত ১৫২খন আসনৰ বাবে ৯৩ শতাংশতকৈ অধিক ভোটাৰৰ ভোটদানৰ হাৰ ৰেকৰ্ড কৰা হৈছিল। সন্ধিয়া ৬ বজাৰ ভিতৰত দ্বিতীয় পৰ্যায়ৰ ভোটদানৰ পৰিসংখ্যাই প্ৰথম পৰ্যায়ৰ ভোটদানৰ পৰিসংখ্যা অতিক্ৰম কৰাৰ সম্ভাৱনা আছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া