
মিৰ্জাপুৰ (উত্তৰ প্ৰদেশ), ২৯ এপ্ৰিল (হি.স.)। ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনে বুধবাৰে পুৱা মা বিন্ধ্যবাসিনী ধামত উপস্থিত হৈ ৰীতি-নীতি অনুসৰি দৰ্শন আৰু পূজা অৰ্চনা সম্পন্ন কৰে। দৰ্শন আৰু পূজা পৰিচালনা কৰে মুখ্য পুৰোহিত অগস্ত্য কুমাৰ দ্বিবেদী আৰু ধীৰাজ মিশ্ৰই । পূজাৰ অন্তত তেওঁ বিন্ধ্যা কৰিডৰ পৰিদৰ্শন কৰি ব্যৱস্থাত সন্তুষ্টি প্ৰকাশ কৰে।
এই উপলক্ষে নবীনে পশ্চিমবংগৰ নিৰ্বাচন সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ বক্তব্য আগবঢ়ায়। তেওঁ কয় যে আজি পশ্চিম বংগৰ বাবে এক বিশেষ দিন, কিয়নো ইয়াৰ নাগৰিকসকলে দ্বিতীয় পৰ্যায়ত ভোটদান কৰি আছে। তেওঁ পশ্চিম বংগৰ জনসাধাৰণক গণতন্ত্ৰৰ এই মহান উৎসৱত উৎসাহেৰে অংশগ্ৰহণ কৰিবলৈ আৰু বৃহৎ সংখ্যক ভোটদান কৰিবলৈ আহ্বান জনায়। নীতিন নবীনে কয় যে আমি পশ্চিম বংগক সুৰক্ষিত কৰিবলৈ বিপুল সংখ্যাগৰিষ্ঠতাৰে চৰকাৰ গঠন কৰিবলৈ ওলাইছো ।
নীতিন নবীনে আৰু কয় যে পশ্চিম বংগত বিজেপি চৰকাৰ গঠনে ৰাজ্যখনৰ উন্নয়নৰ এক নতুন কাহিনী লিখিব। বিজেপিয়ে চৰকাৰ গঠন কৰিলে ৰাজ্যৰ আইন-শৃংখলা সুদৃঢ় হ’ব আৰু উন্নয়নৰ নতুন মাত্ৰা প্ৰতিষ্ঠা হ’ব বুলি উল্লেখ কৰে। লগতে তেওঁ উল্লেখ কৰে যে বিজেপি চৰকাৰে সকলো শ্ৰেণীৰ লোকৰ বাবে কাম কৰিব আৰু সকলোকে লগত লৈ যাবলৈ চেষ্টা কৰিব।
তেওঁ ভোটাৰসকলক ভোটাধিকাৰ ব্যৱহাৰ কৰিবলৈ আহ্বান জনায়, কিয়নো এয়া তেওঁলোকৰ ভৱিষ্যতৰ কথা। তেওঁ ভোটদান প্ৰতিজন নাগৰিকৰ অধিকাৰ আৰু তেওঁলোকৰ দায়িত্ব বুলি উল্লেখ কৰে। নীতিন নবীয়ে উল্লেখ কৰে যে যদি বিজেপিয়ে চৰকাৰ গঠন কৰে তেন্তে ৰাজ্যৰ শিক্ষা, স্বাস্থ্য, আৰু নিয়োগ খণ্ডত উন্নতি হ’ব। তেওঁ উল্লেখ কৰে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত ডাবল ইঞ্জিন চৰকাৰে বংগক দ্ৰুতগতিত বিকশিত কৰিব।
তেওঁৰ সৈতে এম এল চি বিনীত সিং, মডিহানৰ বিধায়ক ৰামাশংকৰ সিং পেটেল, জিলা সভাপতি লাল বাহাদুৰ সৰোজ, জিলা দণ্ডাধীশ পৱন কুমাৰ গংগৱাৰ, আৰক্ষী অধীক্ষক অপৰ্ণা ৰজত কৌশিককে ধৰি কেইবাজনো জ্যেষ্ঠ নেতা আৰু বিষয়া উপস্থিত থাকে । দৰ্শন আৰু পূজাৰ অন্তত দলীয় কৰ্মীক লগ কৰি বাৰাণসীলৈ ৰাওনা হয়। তেওঁৰ ভ্ৰমণৰ বাবে কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছিল।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া