

লণ্ডন, ২৯ এপ্ৰিল (হি.স.)। ব্ৰিটেইনত থকা ইৰাণৰ দূতাবাসে নিজৰ নাগৰিকলৈ ছ’চিয়েল মিডিয়াত প্ৰকাশ কৰা বাৰ্তাক বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে গুৰুত্ব সহকাৰে লৈছে । এই বাৰ্তাক ব্ৰিটেইনৰ ৰাষ্ট্ৰীয় নিৰাপত্তাৰ প্ৰতি ভাবুকি বুলি অভিহিত কৰি বৈদেশিক মন্ত্ৰালয়ে ৰাষ্ট্ৰদূত চৈয়দ আলী মৌছাৱীক তলব কৰে। ব্ৰিটেইনে কয় যে এনে বক্তব্য সম্পূৰ্ণ অগ্ৰাহ্যযোগ্য আৰু উত্তেজক। শেহতীয়াকৈ দূতাবাসে এই বাৰ্তা প্ৰকাশ কৰিছে, য’ত ব্ৰিটেইনত বাস কৰা ইৰাণীসকলক নিজৰ দেশৰ বাবে নিজৰ প্ৰাণ আহুতি দিবলৈ আহ্বান জনোৱা হৈছে।
ব্ৰিটিছ কাকত ডেইলী মেইলত প্ৰকাশিত এই বাৰ্তাই কূটনৈতিক বিতৰ্কৰ সৃষ্টি কৰিছিল। ব্ৰিটিছ চৰকাৰে ইয়াক গ্ৰহণযোগ্য নহয় বুলি গৰিহণা দিয়াৰ বিপৰীতে ইৰাণৰ দূতাবাসে ইয়াক দেশপ্ৰেমৰ প্ৰতীক বুলি অভিহিত কৰিছে। খবৰ অনুসৰি ইৰাণৰ দূতাবাসে নিজৰ অফিচিয়েল টেলিগ্ৰাম চেনেলত এই বাৰ্তা প্ৰকাশ কৰিছে। বাৰ্তাটোত দূতাবাসে ব্ৰিটেইনত বাস কৰা প্ৰবাসীসকলক “নিজকে বলিদান” দিবলৈ আহ্বান জনাইছে।
ব্ৰিটেইনৰ সন্ত্ৰাসবাদ বিৰোধী আৰক্ষীয়ে নিশ্চিত কৰিছে যে তেওঁলোকে ছ’চিয়েল মিডিয়াত কৰা এটা পোষ্টৰ তদন্ত কৰি আছে, য’ত “গৌৰৱান্বিত ইৰাণী দেশবাসী”ক শ্বহীদ অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনোৱা হৈছিল। দূতাবাসৰ অফিচিয়েল টেলিগ্ৰাম চেনেলত পাৰ্চী ভাষাত পোষ্ট কৰা এই পোষ্টটোত লিখা আছিল, “আহক আমি সকলোৱে একেলগে নিজৰ শৰীৰ বলিদান দিওঁ, এজন এজনকৈ, কাৰণ আমাৰ দেশ শত্ৰুৰ হাতত গতাই দিয়াতকৈ এইটো ভাল।”
মঙলবাৰে মধ্যপ্ৰাচ্যৰ মন্ত্ৰী হামিছ ফকনাৰে এই বাৰ্তা সন্দৰ্ভত কূটনৈতিক উদ্বেগ প্ৰকাশ কৰাৰ পিছতে ইৰাণৰ ৰাষ্ট্ৰদূত ছেইদ আলী মৌছাৱীক বৈদেশিক কাৰ্যালয়লৈ মাতি আনে। বৈদেশিক কাৰ্যালয়ৰ এক বিবৃতিত কোৱা হৈছে যে ইৰাণৰ দূতাবাসে ছ’চিয়েল মিডিয়াত কৰা অগ্ৰাহ্যযোগ্য আৰু উচতনিমূলক মন্তব্যৰ প্ৰতিক্ৰিয়া স্বৰূপে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে।
ইয়াত কোৱা হৈছে যে, মন্ত্ৰীয়ে স্পষ্ট কৰি দিছে যে এই কাৰ্য্য আৰু মন্তব্য সম্পূৰ্ণৰূপে গ্ৰহণযোগ্য নহয়। দূতাবাসে তৎক্ষণাত যিকোনো যোগাযোগ বন্ধ কৰিব লাগে যিটোক ব্ৰিটেইন বা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত হিংসাৰ উচটনি দিয়া বুলি ব্যাখ্যা কৰিব পাৰি। ব্ৰিটিছ চৰকাৰৰ স্পষ্ট স্থিতি যে ৰাষ্ট্ৰীয় নিৰাপত্তা ৰক্ষা কৰাটো আমাৰ সৰ্বোচ্চ অগ্ৰাধিকাৰ আৰু আমি ব্ৰিটিছ জনসাধাৰণক সুৰক্ষা দিয়াৰ বাবে প্ৰয়োজনীয় সকলো পদক্ষেপ গ্ৰহণ কৰিম। ইফালে ইৰাণৰ দূতাবাসে জোৰ দি কয় যে জান ফিদা বা আপোনাৰ জীৱন বলিদান কাৰ্যসূচীয়ে কোনো ধৰণৰ শত্ৰুতাক উচটনি নিদিয়ে।
ইৰাণৰ নিৰ্বাসিত ক্ৰাউন প্ৰিন্স ৰেজা পাহলৱীৰ মুখ্য কৰ্মচাৰী কেমেৰন খানছাৰনিয়াই কয় যে, এয়া ব্ৰিটেইনৰ ৰাষ্ট্ৰীয় নিৰাপত্তাৰ প্ৰতি প্ৰত্যক্ষ ভাবুকি। ব্ৰিটিছৰ মাটিত অধিক আগ্ৰাসনৰ পৰিকল্পনা কৰা হৈছে বুলি ই এক কঠোৰ সতৰ্কবাণী। ইজৰাইলেও এই পোষ্টটোক তীব্ৰ সমালোচনা কৰিছে। ইৰাণৰ বৈদেশিক মন্ত্ৰালয়ে এক প্ৰতিবেদনৰ উদ্ধৃতি দি কয় যে ইৰাণৰ শাসনে ব্ৰিটেইনত থকা নিজৰ দূতাবাস ব্যৱহাৰ কৰি সন্ত্ৰাসবাদীক নিযুক্তি দিছে।
যোৱা সপ্তাহত প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰমাৰে ৰজাৰ ভাষণৰ সময়ত উল্লেখ কৰাটো তাৎপৰ্যপূৰ্ণ যে তেওঁ অতি সোনকালে ইৰাণৰ ইছলামিক ৰিভল্যুচনেৰী গাৰ্ড কৰ্পছক সন্ত্ৰাসবাদী সংগঠন হিচাপে নিৰ্ধাৰণ কৰিব। ইতিমধ্যে আমেৰিকা আৰু কানাডাই আই আৰ জি চিক সন্ত্ৰাসবাদী সংগঠন হিচাপে চিহ্নিত কৰিছে।
ইৰাণৰ সৈতে জড়িত বুলি অভিযোগ উত্থাপন হোৱা ইছলামিক গোট হাৰাকত আছহাব আল ইয়ামিন আল ইছলামিয়াইও যোৱা সপ্তাহৰ শেষৰ ফালে উত্তৰ-পশ্চিম লণ্ডনৰ হেৰ’ৰ কেণ্টন ইউনাইটেড ছিনাগগত সংঘটিত অগ্নিসংযোগৰ দায়িত্ব স্বীকাৰ কৰে। ব্ৰিটিছ চোৰাংচোৱা সংস্থাই ইৰাণী শাসনৰ সৈতে গোটটোৰ সম্পৰ্কৰ অভিযোগৰ তদন্ত কৰি আছে। লণ্ডনত থকা ইৰাণৰ দূতাবাসৰ এগৰাকী মুখপাত্ৰই কয় যে, “বিশ্বজুৰি বাস কৰা ইৰাণীসকলে নিজৰ গৃহভূমি আৰু ইয়াৰ ভূখণ্ডৰ অখণ্ডতাক ৰক্ষাৰ বাবে সদায় গভীৰভাৱে প্ৰতিশ্ৰুতিবদ্ধ হৈ আহিছে আৰু সদায় থাকিব।”
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া