সদ্য ঘোষিত উচ্চতৰ মাধ্যমিক বিজ্ঞান শাখাত উজলিল ওৰাং চাহ বাগিছাৰ কৰুণা
শোণিতপুৰ, ২৯ এপ্ৰিল (হি.স.)। সদ্য ঘোষিত উচ্চতৰ মাধ্যমিক বিজ্ঞান শাখাত উজলিল ওৰাং চাহ বাগিছাৰ কৰুণা। বিহুৰ আনন্দ উল্লাসৰ মাজতে উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হৈ সুখ্যাতিৰে উত্তীৰ্ণ পুত্ৰ কন্যা সকলে গৌৰাম্বিত কৰিছে পিতৃ মাতৃক।যোৱাকালি ঘোষ
সদ্য ঘোষিত উচ্চতৰ মাধ্যমিক বিজ্ঞান শাখাত উজলিল ওৰাং চাহ বাগিছাৰ কৰুণা


শোণিতপুৰ, ২৯ এপ্ৰিল (হি.স.)। সদ্য ঘোষিত উচ্চতৰ মাধ্যমিক বিজ্ঞান শাখাত উজলিল ওৰাং চাহ বাগিছাৰ কৰুণা।

বিহুৰ আনন্দ উল্লাসৰ মাজতে উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হৈ সুখ্যাতিৰে উত্তীৰ্ণ পুত্ৰ কন্যা সকলে গৌৰাম্বিত কৰিছে পিতৃ মাতৃক।যোৱাকালি ঘোষিত উচ্চতৰ মাধ্যমিক চুড়ান্ত বৰ্ষৰ ফলাফলত বিজ্ঞান শাখাত ওৰাং চাহ বাগিছাৰ কৰুণা মহানন্দই ভূগোল বিভাগত সৰ্ব্বোচ্চ ১০০ নম্বৰ লাভ কৰিছে। ঢেজিয়াজুলী ৰিজ'নেঞ্চ একাডেমিৰ ছাত্ৰী কৰুণাই ৯৪ শতাংশ নম্বৰ লাভ কৰি সমগ্ৰ ওৰাং অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিছে।এগৰাকী চাহবাগিছাৰ ছোৱালীৰ এনে চমকপ্ৰদ ফলাফলৰ বাবে এতিয়া সৰ্বত্ৰে প্ৰশংসিত হৈছে কৰুণা মহানন্দ।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande