বাঘবৰৰ আগমন্দিয়াত ভয়ংকৰ পথ দুৰ্ঘটনা
বাঘবৰৰ আগমন্দিয়াত ভয়ংকৰ পথ দুৰ্ঘটনা।
বাঘবৰৰ আগমন্দিয়াত ভয়ংকৰ পথ দুৰ্ঘটনা


বৰপেটা, ২৯ এপ্ৰিল (হি.স.): বৰপেটা জিলাৰ বাঘবৰৰ আগমন্দিয়াত যোৱা কালি মঙ্গলবাৰে বিয়লি এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় । ই-ৰিক্সা চালকে সংঘটিত কৰে এই দূৰ্ঘটনা। দূৰ্ঘটনাত থিতাতে নিহত হয় আগমন্দিয়াত গাঁৱৰ ছবুৰ উদ্দিনৰ ৪ বছৰীয়া কন্যা ছবিনা পাৰবীন।

ই-ৰিক্সা চালকজনে মন্দিয়াৰ পৰা আগমন্দিয়ালৈ যাত্ৰী কঢ়িয়াই নিয়া অৱস্থাত সংঘটিত হয় এই পথ দূৰ্ঘটনা।পথচাৰী হিচাপে আছিল কনমানি গৰাকী। ই-ৰিক্সাৰ দৌৰাত্ম্যই কাঢ়ি নিলে কনমানি গৰাকীৰ জীৱন। কনমানিৰ আত্মীয়ই ততাতৈয়াকৈ মন্দিয়া আদৰ্শ চিকিৎসালয়লৈ লৈ আহে। ঘটনাস্থলীত মন্দিয়া আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande