
কামৰূপ, ২৯ এপ্ৰিল (হি.স.)। জুইৱে পোৰা সোণ হৈ জিলিকিছে ৰঙিয়াৰ বিছেন্নালাৰ জিন্টুমণি কলিতা । উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ৮৮.২০ শতাংশ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে জিন্টুমণি । ৰঙিয়া ইউক্লিড ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ ছাত্ৰ জিন্টুমণি ।
জিন্টুমণিৰ পিতৃয়ে দিন হাজিৰা কৰি কোনোমতে পৰিয়াল পোহপাল দি আহিছে । পুত্ৰৰ এই কৃতিত্বত পিতৃ কৰুণা কলিতা আৰু মাতৃ ভৱানী কলিতাৰ লগতে সমগ্ৰ অঞ্চলটোতে আনন্দৰ পৰিবেশে বিৰাজ কৰে । পাঁচটা বিষয়ত লেটাৰ নম্বৰ লাভ কৰে । ভৱিষ্যতে এগৰাকী প্ৰশাসনিক বিষয়া হোৱাৰ আশা জিন্টুমণিৰ ।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা