
কোকৰাঝাৰ, ২৯ এপ্ৰিল (হি.স.)। পৰ্বতঝোৰাত আজি এটা গড়কাপ্তানি পথকলৈ স্থানীয় পুৰুষ মহিলাৰ প্ৰতিবাদ।ঠিকাদাৰৰ মইমতালিৰ বাবে বিগত তিনিবছৰে সম্পূৰ্ণ হৈ নুঠিল এটা গড়কাপ্তানি পথ।পথৰ দুৰাৱস্থাই স্থানীয় ৰাইজৰ যাতায়তৰ ক্ষেত্ৰত ভুগিব লগা হৈছে যমৰ যাতনা।মুখ্য মন্ত্ৰী উন্নত পকিপথ নিৰ্মান আঁচনিৰ অধীনত ৫কোটি ৬ লাখ টকা ব্যয় সাপেক্ষে ৪৮৪০ মিটাৰ দৈৰ্ঘ্যৰ পৰ্বতঝোৰা খোৰাঘাট ১৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা চাউগুৰি সংযোগী গড়কাপ্তানি পথটো ২০২৩-২৪ চনতে আবণ্টন হৈছিল।
এম/এছ কুসুম্বৰ কনষ্ট্ৰাকচন ঠিকাদাৰী প্ৰতিষ্ঠানটোৱে পথ চোৱাৰ ঠিকা লাভ কৰিছিল ঠিকেই পিছে বিগত তিনিবছৰ উকলি যোৱা স্বত্তেও আজিলৈ পথ চোৱাৰ কাম সম্পূৰ্ণ হৈ নুঠাত ছাত্ৰ ছাত্ৰী ,পথচাৰী আৰু ঐতিহাসিক মা মহামায়া স্নানঘাট মন্দিৰলৈ অহা দর্শনাৰ্থীয়ে জিয়াতো ভুগিব লগা হৈছে।ইফালে আকৌ পথছোৱাৰ ফালাকাটাত এখন আৰ চি চি কালভাৰ্ট নিৰ্মান কৰাৰ বাবে চৰকাৰে আৱণ্টন দিছিল যদিও আজিলৈ নিৰ্মাণ কাম আধুৰুৱা হৈ থকাৰ বাবে বাৰিষা কালত যাতায়তৰ ক্ষেত্ৰত অসুবিধা সন্মুখীন হোৱাৰ ভয়ত চিন্তিত হৈছে স্থানীয় ৰাইজ।অতি সোনকালে উক্ত পথচোৱা নিৰ্মাণ সম্পূৰ্ণ নহলে পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰাৰ হুংকাৰ স্থানীয় ৰাইজৰ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ