
লক্ষ্ণৌ, ২৯ এপ্ৰিল (হি.স.)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বুধবাৰে উত্তৰ প্ৰদেশৰ হৰদয় জিলাত ৰাজ্যখনৰ আটাইতকৈ দীঘল গংগা এক্সপ্ৰেছৱে উদ্বোধন কৰে। এই এক্সপ্ৰেছৱে’ৰ বাবে ১২খন জিলাৰ এক লাখৰো অধিক কৃষকে ১৮ হাজাৰ হেক্টৰৰো অধিক মাটি দান কৰে।
ইয়াৰ পূৰ্বে বুধবাৰে পুৱা উত্তৰ প্ৰদেশ ভ্ৰমণৰ দ্বিতীয় দিনা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বাৰাণসীত ৰোড শ্ব’ অনুষ্ঠিত কৰে। বাবা বিশ্বনাথৰ মন্দিৰত তেওঁ প্ৰাৰ্থনা কৰে। ইয়াৰ পিছতে তেওঁ হৰদয়ৰ মল্লৱনত গংগা এক্সপ্ৰেছৱে উদ্বোধন কৰে। প্ৰধানমন্ত্ৰী মোডীক আদৰণি জনাই মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে কয় যে এই আধুনিক আন্তঃগাঁথনিয়ে নতুন ভাৰতৰ নতুন উত্তৰ প্ৰদেশত আমাৰ অগ্ৰগতি নতুন উচ্চতালৈ লৈ গৈছে। ২০১৭ চনৰ আগতে উত্তৰ প্ৰদেশত পৰিযালবাদ আৰু জাতিবাদ, সংঘৰ্ষ আৰু মাফিয়াৰ সন্ত্ৰাসৰ সৃষ্টি হৈছিল। আজি এই খবৰ পাই সুখী হৈছো যে ৰাজ্যত পথৰ এটা নেটৱৰ্ক দেখা গৈছে। উন্নয়ন চলি আছে। এইটোৱেই হৈছে ডাবল ইঞ্জিন চৰকাৰৰ শক্তি।
যোগীয়ে কয় যে এই এক্সপ্ৰেছৱেই কেৱল দূৰত্ব হ্ৰাস কৰাই নহয়, প্ৰগতি, যুৱ বিকাশ, আৰু ৰাজ্যৰ সমৃদ্ধি বৃদ্ধি কৰিছে। ইয়াৰ বাবে কৃষকৰ পৰা ১৮ হাজাৰ হেক্টৰৰো অধিক মাটি অধিগ্ৰহণ কৰা হৈছে। ১২খন জিলাৰ এক লাখৰো অধিক কৃষকে নিজৰ মাটি দান কৰিছে। তেওঁলোকৰ অৱদানৰ বাবেই এতিয়া এক্সপ্ৰেছৱে নিৰ্মাণ সম্পূৰ্ণ হৈছে। প্ৰধানমন্ত্ৰী মোদীয়ে বাৰে বাৰে কৈছে যে তেওঁ যি কামৰ আধাৰশিলা স্থাপন কৰিব তাৰ উদ্বোধন কৰিব। আজি তেওঁ গংগা এক্সপ্ৰেছৱে উদ্বোধন কৰে।
এই উপলক্ষে উত্তৰ প্ৰদেশৰ ৰাজ্যপাল আনন্দী বেন পেটেল, কেন্দ্ৰীয় বিত্ত ৰাজ্য মন্ত্ৰী তথা উত্তৰ প্ৰদেশ বিজেপিৰ সভাপতি পংকজ চৌধুৰী, কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী জিতীন প্ৰসাদা, উপ-মুখ্যমন্ত্ৰী কেশৱ প্ৰসাদ মৌৰ্য আৰু ব্ৰজেশ পাঠক, মন্ত্ৰী সুৰেশ খান্না, নন্দ গোপাল গুপ্ত নন্দী, আসীম অৰুণকে ধৰি অন্যান্য বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।
উত্তৰ প্ৰদেশৰ হৰদয় জিলাৰ মল্লৱন কাটৰ সমীপত অনুষ্ঠিত হয় উদ্বোধনী অনুষ্ঠান। ৫৯৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ গংগা এক্সপ্ৰেছৱেই প্ৰয়াগৰাজৰ সৈতে পোনপটীয়াকৈ সংযোগ কৰে। ইয়াৰ জৰিয়তে ১২খন জিলা আৰু ৫১৯খন গাঁও সংযোগ কৰা হ’ব। শ্বাহজাহানপুৰত নিৰ্মাণ কৰা হৈছে তিনি কিলোমিটাৰ দৈৰ্ঘ্যৰ এয়াৰষ্ট্ৰিপ। বৈদ্যুতিক বাহনৰ চাৰ্জিং ষ্টেচনো নিৰ্মাণ কৰা হৈছে। প্ৰতি ৫০ কিলোমিটাৰৰ মূৰে মূৰে ফুড প্লাজা আৰু পেট্ৰ’ল পাম্প স্থাপন কৰা হৈছে। গংগা এক্সপ্ৰেছৱে নিৰ্মাণৰ বাবে ৩৬,২৩০ কোটি টকা ব্যয় হৈছিল। প্ৰধানমন্ত্ৰী মোদীয়ে ২০২১ চনৰ ডিচেম্বৰ মাহত ইয়াৰ আধাৰশিলা স্থাপন কৰিছিল। আজি ইয়াৰ উদ্বোধন কৰা হয়।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া