যুৱতীক নিৰ্যাতন চলাই আটক এজন
যুৱতীক নিৰ্যাতন চলাই আটক এজন।
যুৱতীক নিৰ্যাতন চলাই আটক এজন


নগাঁও, ২৯ এপ্ৰিল (হি.স.): নগাঁৱৰ চামগুৰিত অকলশৰীয়া যুৱতীৰ লগত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। যুৱতী এগৰাকী নিৰ্যাতনৰ বলি হোৱাৰ অভিযোগ উত্থাপিত হৈছে।

জানিব পৰা মতে অসম আৰক্ষীৰ নিযুক্তিৰ বাবে অনুশীলন কৰি ঘৰলৈ ওভতা পথত যুৱতীৰ লগত সংঘটিত হৈছে জঘন্য ঘটনা। চামগুৰিত একাংশ লোকৰ বাবে যেন নিৰাপত্তা নোহোৱা হৈছে যুৱতী মহিলাৰ।

অভিযোগ অনুসৰি ঘৰলৈ যোৱা পথতে সতীত্ব হৰণৰ চেষ্টা চলায়। এই অভিযোগ উঠিছে ৰোহিত তাঁতী নামৰ যুৱকজনৰ বিৰুদ্ধে। ইতিমধ্যে ৰোহিত তাঁতীক চামগুৰি আৰক্ষীয়ে আটক কৰিছে। বিবাহিত ৰোহিত তাঁতীৰ আছে পত্নী আৰু সন্তান। চামগুৰি আৰক্ষীয়ে আটক কৰা ৰোহিতক জেৰা অব্যাহত ৰাখিছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande