
মানকাচৰ, ২৯ এপ্ৰিল (হি.স.)। মানকাচৰত আমছুৰ আহ্বানক সমৰ্থন। মেঘালয়ৰ বিৰুদ্ধে অৰ্থনৈতিক অৱৰোধত-- ব্যৱসায়িক সমাজৰ অনিৰ্দিষ্টকালীন বন্ধ। দক্ষিণ শালমাৰা–মানকাচৰ জিলাৰ মানকাচৰ চহৰত আজি পৰাই ব্যৱসায়িক সমাজে স্বতঃস্ফূৰ্তভাৱে সকলো দোকান–পহাৰ অনিৰ্দিষ্টকালৰ বাবে বন্ধ ঘোষণা কৰিছে।
এই বন্ধৰ মূল কাৰণ মেঘালয়ত অসমীয়াৰ ওপৰত চলি থকা কথিত অত্যাচাৰ, যাৰ বিৰুদ্ধে আমছু ৰ আহ্বানত যোৱা ২৩ এপ্ৰিলত হাটশিঙিমাৰীত বৃহৎ গণবিক্ষোভ অনুষ্ঠিত হয়। সেই দিনাই মেঘালয়ৰ বিৰুদ্ধে অৰ্থনৈতিক অৱৰোধৰ সিদ্ধান্ত গৃহীত হয়। ব্যৱসায়িকসকলৰ মতে, অৱৰোধৰ ঘোষণা কৰিছিল, আৰু সেই অনুসৰি মানকাচৰে মেঘালয়ৰ সৈতে সকলো ধৰণৰ ব্যৱসায়িক লেনদেন সম্পূৰ্ণৰূপে বন্ধ ৰাখিছে।
তথাপি অভিযোগ উঠিছে—মানকাচৰৰ মেঘালয় সীমান্ত সংলগ্ন কিছুমান অঞ্চলৰ পৰা চোৰাংভাৱে সামগ্ৰী মেঘালয়ত প্ৰেৰণ কৰা হোৱা বুলি। এই অভিযোগৰ তীব্র প্ৰতিবাদস্বৰূপেই আজিৰ পৰা মানকাচৰৰ সকলো দোকানী–ব্যৱসায়ীয়ে অনিৰ্দিষ্ট সময়ৰ বাবে দোকান পহাৰ বন্ধ কৰাৰ ঘোষণা কৰে। ব্যৱসায়িক সমাজৰ দাবী মানকাচৰৰ পৰা কৃষ্ণাইলৈকে সকলো অঞ্চলেই স্বতঃস্ফূৰ্তভাৱে এই অৰ্থনৈতিক অৱৰোধত অংশগ্ৰহণ কৰিব লাগিব।
অসমীয়াৰ ওপৰত হোৱা অত্যাচাৰ বন্ধ হোৱা নিশ্চিত হোৱালৈ এই আন্দোলন অব্যাহত থাকিব।
মানকাচৰত অৱস্থা তীব্র প্ৰতিবাদমূলক আৰু ব্যৱসায়িক মহলত ব্যাপক চাঞ্চল্য পৰিলক্ষিত হৈছে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা