নেপালৰ ভূমিহীন বসতিস্থলত বুলডজাৰৰ বিৰুদ্ধে প্ৰতিবাদ, প্ৰধানমন্ত্ৰীৰ পদত্যাগৰ দাবী
কাঠমাণ্ডু, ২৯ এপ্ৰিল (হি.স.)। প্ৰশাসনে বুলডজাৰেৰে ভূমিহীন লোকৰ বসতি ভাঙি পেলোৱাৰ অভিযোগ উত্থাপন কৰি প্ৰধানমন্ত্ৰী বালেন্দ্ৰ শ্বাহৰ পদত্যাগৰ দাবী জনাইছে শ্ৰম সাংস্কৃতিক পাৰ্টিৰ সভাপতি তথা নেপালৰ সংসদ সদস্য হৰ্ক সাম্পাঙে। ছ’চিয়েল মিডিয়াত বুধবাৰে
नेपाल के विपक्षी दल के नेता हर्क साम्पाङ्ग


কাঠমাণ্ডু, ২৯ এপ্ৰিল (হি.স.)। প্ৰশাসনে বুলডজাৰেৰে ভূমিহীন লোকৰ বসতি ভাঙি পেলোৱাৰ অভিযোগ উত্থাপন কৰি প্ৰধানমন্ত্ৰী বালেন্দ্ৰ শ্বাহৰ পদত্যাগৰ দাবী জনাইছে শ্ৰম সাংস্কৃতিক পাৰ্টিৰ সভাপতি তথা নেপালৰ সংসদ সদস্য হৰ্ক সাম্পাঙে।

ছ’চিয়েল মিডিয়াত বুধবাৰে এটা পোষ্টত সাম্পাঙে অভিযোগ কৰে যে ভূমিহীনৰ মাটিত বুলডজাৰ চলোৱাৰ সময়ত বালেন্দ্ৰ শ্বাহৰ চৰকাৰে কোনো নূন্যতম মানৱতা প্ৰদৰ্শন কৰা নাছিল। প্ৰধানমন্ত্ৰীক সংবেদনহীন বুলি অভিযোগ কৰি পদৰ পৰা পদত্যাগ দাবী কৰে।

সাম্পাঙে দাবী কৰে যে ৰাষ্ট্ৰসংঘইও এই বিষয়ত আবেদন জনাইছিল, বসতিস্থলটোৰ ওপৰত বুলডজাৰৰ ব্যৱস্থা লোৱাৰ পূৰ্বে সকলো সম্ভাৱ্য বিকল্প ভূমিহীনসকলৰ বাবে উপলব্ধ কৰিবলৈ আহ্বান জনাইছিল যদিও প্ৰধানমন্ত্ৰীয়ে ইয়াৰ প্ৰতি কোনো গুৰুত্ব নিদিলে।

নেপালৰ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ লগতে কেইবাটাও আন্তঃৰাষ্ট্ৰীয় সংস্থাইও এই বিষয়ত বুলডজাৰৰ কাৰ্যকলাপৰ প্ৰতিবাদ কৰে।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande